সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখ ৰ বিভিন্ন ৰাস মহোৎসৱ উদযাপন সমিতিৰ আধ্যাত্মিক আৰু ভক্তি ৰসৰ উৎসৱ শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ আজি শুভাৰম্ভ কৰা হয়।

        ৰাস মহোৎসৱ উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাস মহোৎসৱ সমিতিলৈ আগবঢ়োৱা আৰ্থিক অৰিহনা চেক বিতৰন ৰ সমান্তৰালকৈ আজি দিনৰ ১বজাত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস ৰ বাসগৃহ ত অনুষ্ঠিত হোবা আৰ্থিক অৰিহনা চেক বিতৰন অনুষ্ঠান ত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ৰহা সমষ্টিৰ অন্তৰ্গত ১৮২ ৰাস মহোৎসৱ উদযাপন সমিতিলৈ ২৫,০০০টকাৰ আৰ্থীক অৰিহনা চেক বিতৰন কৰাৰ লগতে বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্ৰী ৰ এই পদক্ষেপ ৰ প্ৰশংসা কৰাৰ লগতে অনুষ্ঠানত সমজোৱাকৈ মুখ্যমন্ত্ৰী ৰ সু স্বাস্থ্য আৰু দিৰ্ঘায়ুৰ কামনা কৰে।

    অনুষ্ঠানত বিজেপি নেতা কৰ্মী ৰ লগতে ৰহা সমষ্টিৰ বিভিন্ন ৰাস মহোৎসৱ উদযাপন সমিতিৰ শতাধিক প্ৰতিনিধি,সদস্য সদস্যা উপস্থিত থাকি মুখ্যমন্ত্ৰী ৰ পদক্ষেপ ৰ প্ৰশংসা কৰে।