ভূমিপুত্ৰ পৰ্টেলৰ দ্বাৰা জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ বিৰোধিতা-অনুসূচীত জাতিৰ জনগাঠনি ধ্বংসৰ পৰিকল্পনা

অসমৰ চৰকাৰৰ মিছন ভূূমিপুত্ৰ পৰ্টেলৰ দ্বাৰা ডিজিটেলী জাতিগত প্ৰধানপত্ৰ প্ৰদান কৰাৰ ব্যৱস্থাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অনুসূচীত জাতি ছাত্ৰ সন্থা | এই ডিজিটেল ব্যৱস্থাৰ দ্বাৰা প্ৰদান কৰা জাতিগত প্ৰমাণপত্ৰত বহু বিসংগতি থকাৰ লগতে বহু ভুৱা অনুসুচীত জাতিৰ লোকে বধৈ প্ৰমান পত্ৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ আশংকা প্ৰকাশ কৰিছে অনুসুচীত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশজ্যোতি দাসে | আজি সংবাদ মাধ্যমৰ আগত ভূূমিপুত্ৰ বিৰোদ্ধে বিষোদগাৰ প্ৰকাশ কৰি সম্পাদক গৰাকীয়ে কয় যে যোৱা ১ আগষ্ট তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা ভূমিপুত্ৰ পৰ্টেল অনুসূচীত জাতিৰ বাবে এক অভিশাপ ৰূপে পৰিগণিত হ’ব | কিয়নো ইতিমধ্যে অনুসূচীত জাতিৰ প্ৰমান ভুৱা প্ৰমাণপত্ৰ লৈ এই পৰ্টেলৰ জড়িয়তে চৰকাৰী ভাৱে বৈধ অনুসূচী জাতিৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে | আমি চৰকাৰক অনুসূচীত জাতিৰ  প্ৰমাণপত্ৰ থকা লোক সকলক এক নিৰপেক্ষ পৰীক্ষা  কৰি ভুৱা জাতিগত প্ৰমাণপত্ৰ থকা লোক সকলক চিনাক্ত কৰিবলৈ আহ্বান কৰি অহা বিপৰিতে চৰকাৰে এনে পৰ্টেল প্ৰৱৰ্তন কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে | এই পৰ্টেল ব্যৱস্থাই অনুসূচী জাতিৰ জনগাঁথনি , সাংস্কৃতিক আধাৰ , আৰু অথনৈতিক অৱস্থাত বিৰূপ প্ৰভাৱ পেলাব বুলি অনুসুচীত জাতি ছাত্ৰ সন্থাৰ সম্পাদক গৰাকীয়ে সমালোচনা কৰি এই ব্যৱস্থাৰ বন্ধ কৰাৰ দাবী উথ্থাপন কৰে ৷