সুবাস ৰহাৰ উদ্যোগত আৰু ৰহা বজাৰ সমূহ ব্যবসায় সন্থাৰ সৌজন্যত অহা ৩০ নবেম্বৰত এদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে আখৰাত ব্যস্ত হৈ পৰিছে যুবক যুৱতী।
দূৰ্গা মন্দিৰ ৰহা বজাৰ স্থিত সুবাসৰ বাকৰিত অনুষ্ঠিত হব লগা শ্ৰীকৃষ্ণ ৰাস ক্ৰীড়া উৎসৱ ৰ বিষয়ে সভাপতি ৰূপম জ্যোতি কলিতা,সম্পাদক নিৰুমপ কলিতা আৰু সাংস্কৃতিক সম্পাদক পৰশমনি দাসে জানিব দিয়ে যে ৩০ নবেম্বৰত পূবা ৫বজাত পৰিবেশ নিকাকৰণ ৰ পাছত ৮বজাত ধৰ্মধ্বজা উওোলন কৰিব ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মাই।
স্মৃতি তৰ্পন কৰিব সভাপতি সম্পাদকে,১০বজাত শৰাই অৰ্পন আৰু নাম প্ৰসঙ্গ অনুষ্ঠিত হব।বিয়লী ৫বজাত গণিকা প্ৰদৰ্শন কৰিব দীঘলদৰি ৰাস মন্দিৰ গণিকা দলে।৬বজাত মঞ্চ উদ্বোধন কৰিব ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, ৬.৩০বজাত নিমন্ত্ৰিত অতিথিৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হব।
ৰাস ক্ৰীড়া উৎসৱ ত মুখ্য অতিথি ৰূপে বিশ্বজিৎ ভূঞা আৰু অসীম দাস উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি ৰূপে ড° ৰাজশ্ৰী বৰা,মনিকা দাস,প্ৰবোধ কলিতা,গৌতম ডেকা,মনু বনিক,দিলীপ কলিতা,কমল শৰ্মা,গনেশ হাজৰিকা, উৎপল বনিয়া, পাৰ্থপ্ৰতিম হাজৰিকা,হৰেন বৰা আৰু অচ্যুত মেধি উপস্থিত থাকিব।সন্ধ্যা ৭বজাত শ্ৰীকৃষ্ণ মহা ৰাসলীলা আৰম্ভ হব।