ভাৰত আৰু এছিয়াৰ সবাটোকৈ ধনাঢ্য ব্যক্তি গৌতম আদানিক জেড শ্ৰেণীৰ নিৰাপত্তা দিয়াৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। 

Sponsored

The Silver Spoon - Hotel & Restaurant Bundi (Raj)

AC Room, AC Restaurant, AC Meeting Area Facility Available

গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, আদানিয়ে নিজেই এই নিৰাপত্তাৰ ব্যয় বহন কৰিব। 

ইণ্টেলিজেঞ্চ ব্যুৰো (আইবি)ৰ প্ৰতিবেদনৰ ওপৰত আধাৰিত কৰি, গৃহ মন্ত্ৰালয়ে আদানি গোটৰ অধ্যক্ষক এই সুৰক্ষা দিয়াৰ সিদ্ধান্ত লৈছে। 

১২৫ বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে বিশ্বৰ আটাইতকৈ ধনী সকলৰ তালিকাত চতুৰ্থ স্থানত আছে আদানি। 

জেড শ্ৰেণীৰ নিৰাপত্তাৰ অধীনত তেওঁৰ নিৰাপত্তাৰ বাবে মুঠ ৩৩ জন নিৰাপত্তাৰক্ষী মোতায়েন কৰা হ'ব। 

উল্লেখ্য যে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানীয়েও কেন্দ্ৰীয় সুৰক্ষা লাভ কৰিছে। 

তেওঁলোকেও ইয়াৰ বাবদ নিজেই খৰচ বহন কৰে।