আহোম লেণ্ড গঠনৰ দাবীৰ প্ৰতিবাদত পুনৰ বিভাজিত হল টাইপা

আহোমলেণ্ডৰ দাবীক লৈ টাই আহোম যুৱ পৰিষদৰ নেতৃত্বৰ মাজত সংঘাত তীব্ৰতৰ।চৰাইদেউ সোণাৰিৰ হোটেল অংশুত এক ৰুদ্ধ দ্বাৰ বৈঠক একাংশ টাইপা নেতা কৰ্মীৰ।দিলীপ গগৈ আৰু বিজয় ৰাজকোঁৱৰৰ নেতৃত্বত বৰ্তমান দুটা গোটে টাই আহোম যুৱ পৰিষদৰ গইনা লৈ টাই আহোম জনগোষ্টীটোক লৈ কেৱল মাত্ৰ নিজৰ স্বাৰ্থ পূৰণৰ বাবে সংগঠন কৰাৰ অভিযোগ টাইপা নেতা কৰ্মীৰ।পুনৰ বিভাজন টাইপাত।ডিব্ৰুগড়ৰ ৰাণা ৰঞ্জন গগৈক সভাপতি,শিৱসাগৰৰ সৌৰভ চাংমাইক কাৰ্যকৰী সভাপতি আৰু সোণাৰিৰ উদিপ্ত গগৈক সাধাৰণ সম্পাদক ৰূপে লৈ টাই আহোম যুৱ পৰিষদৰ তৃতীয়টো গোট গঠন।