মহখুঁটি চাহ বাগিছাৰ প্ৰেক্ষাগৃহত ‘সদৌ অসম কয়া সমাজ’ৰ চতুৰ্থদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন । পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষ ৰোপন কৰ্যসূচীৰ পিছতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় পাঁচ শতাধিক লোকৰ সমাগমেৰে এটি বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । গীত-নৃত্যৰে জীপাল হৈ উঠে অনুষ্ঠানটি । ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত কয়া জাতিৰ সামাজিক,শৈক্ষিক, সাংস্কৃতিক দিশৰ উন্নয়ন আৰু সমাজত থকা কু-সংস্কাৰ অন্ধবিশ্বাস সমূহ দুৰীকৰণৰ লগতে বিজ্ঞানসন্মত ভাৱে আগবঢ়ায় নিয়াৰ বিষয়ত আলোচনা কৰা হয় ।

ইফালে, কাৰ্যসূচীত অংশগ্ৰহন কৰি জনজাতিকৰণ বিষয়ত সোচ্চাৰ হৈ পৰে ‘কয়া’ সমাজৰ নেতৃবৃন্দ । ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ‘কয়া’ লোক সকলক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা হৈছে, কিন্তু অসমত এই জাতিটো জনজাতিৰ মৰ্য্যদা নোপোৱাৰ বাৰে ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে অসমত আদিবাসী তথা চাহ জনগোষ্ঠী সমাজৰ ১০৮ টা জাতিৰ ভিতৰত অন্যতম ‘কয়া’ জাতিক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিবলৈ চৰকাৰক দাবী ‘কয়া’ সমাজৰ নেতৃবৃন্দৰ ।