বৰহাটত বন বিভাগৰ লগত গোপন বুজাবুজিত দিল্লীঘাটৰ দিচাঙত অবাধ গতিত একাংশ শিল ব্যৱসায় চলাইছে ৰমৰমীয়া ব্যৱসায়

  চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন কাৰ্য্যালয়ৰ অন্তৰ্গত দিল্লীঘাট খণ্ড বন কাৰ্য্যালয় সমীপৰ দিল্লীঘাট দলঙৰ দিচাং নদীত অবাধ গতিত অবৈধ ভাবে নিতৌ প্ৰায় ২০খন নাওৱে শিল সংগ্ৰহ কৰি একাংশ শিল ব্যৱসায়ীয়ে দিল্লীঘাট খণ্ড বন বিভাগৰ কাৰ্যালয়ৰ তেনেই কাষতে নাওৱে শিল নিয়া কাৰ্যত বৰহাটত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। উল্লেখ্য যে খণ্ড বন কাৰ্যালয়ৰ কাষতে একাংশ শিল ব্যৱসায়ীয়ে অবাধ গতিত শিল নি থকাৰ পাছতো বন বিভাগে চকুমুদা কুলিৰ ভাও ধৰিছে বুলি সচেতন ৰাইজে কৈছে।চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন বিভাগে দিল্লীঘাট খণ্ড বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগত মিতিৰালি পাতি একাংশ শিল ব্যৱসায়ীয়ে অবাধ গতিত শিল নাৱৰে কঢ়িয়াই নিয়াৰ ফলত ডিব্ৰুগড় জিলাৰ লগত সংযোগী পূব দিশত ক্ৰমান্বয়ে গৰা খহনীয়া সৃষ্টি হৈছে।