লখিমপুৰ জিলা ধলপুৰ খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত শিলিখাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত পৰিয়াল পৰিকল্পনা , অবাঞ্চিত গৰ্ভধাৰণ হ্ৰাস তথা নিৰাপদ মাতৃত্বৰ প্ৰসাৰৰ বাবে বিশেষ নিৰাপদ জীৱন কিট (Safe Life kit) সেৱা আৰম্ভ কৰা হয় ৷ ৰাজ্যৰ ভিতৰত সৰ্বপ্ৰথম এই সেৱা আৰম্ভ কৰি জনস্বাস্থ্য বিষয়া বিজিত দেউৰীয়ে কয় এই পদক্ষেপে সকলো যোগ্য দম্পতীক সুৰক্ষিত গৰ্ভধাৰণৰ বাবে আৰু তেওঁলোকৰ বিচৰা  জন্মসমুহ আনিবলৈ সক্ষম হ’ব ৷ কিটটোত কিছুমান জন্ম নিয়ন্ত্ৰণ ঔষধ আছে যিয়ে গৰ্ভাৱস্থাৰ মাজত ব্যৱধান বজাই ৰখাত সহায় কৰিব ৷ ইয়াৰ জৰিয়তে যৌন সংক্ৰমণ ৰোগ ৰোধ কৰিব পৰা যাব ৷ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু পৰিয়াল পৰিকল্পনা  সমন্বয়ক চৈতন্য বৰা , ধলপুৰ খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ব্লক প্ৰগেম বিষয়া নীলাক্ষী শইকীয়া প্ৰমুখ্যে কেইবাগৰাকী বিষয়া ৷ ৰাজ্যৰ ভিতৰতে সৰ্বপ্ৰথম এই সেৱা শিলিখাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত আৰম্ভ কৰাত লখিমপুৰ জিলা ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা° জগদীশ গোস্বামীয়ে কেন্দ্ৰটোৰ পদক্ষেপক প্ৰশংসা কৰাৰ লগতে অন্য সকলকো এনেধৰনৰ পদক্ষেপ লবলৈ আহ্বান জনায় ৷