শিৱসাগৰ নগৰৰ ৰং পুৰ জ্যোতি ক্লাৱত ৭০সংখ্যক নিখিল ভাৰত সমবায় সপ্তাহ দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়।এই সমবায় সপ্তাহৰ।কাৰ্য্যসূচীত জিলাৰ।উপ পঞ্জীয়ক দুৰ্লভ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সমবায় সমিতি সমুহৰ মাণ্ডলিক যুটীয়া পঞ্জীয়ক সঞ্জীৱ বৰুৱাই অংশ গ্ৰহন কৰাৰ উপৰিও শেহতীয়াকৈ সমবায় খণ্ডৰ বিকাশৰ সম্পৰ্কত উপস্থিত ৰাইজৰ আগত বক্তব্য প্ৰদান কৰে। নাজিৰাৰ সহকাৰী পঞ্জীয়ক মুচাৰফ হুচেইনে শিক্ষা আৰু প্ৰশিক্ষণ সম্পৰ্কে বক্তব্য দিয়ে। এই সভাত নাবাৰ্দৰ ডি ডি এম, কিশোৰ কুমাৰ ৰাভাই প্ৰযুক্তি বিদ্যাৰ ব্যৱহাৰ আৰু উন্নত ধৰণৰ সমবায় সমিতি সমুহৰ ডিজিটাইলেশ্বন সম্পৰ্কে বক্তব্য আগবঢ়াই। উল্লেখযোগ্য যে জাজিমেলি সমবায় সমিতি সমুহৰ সম্পাদক ৰাজেন গগৈয়ে সমবায়ৰ জৰিয়তে গ্ৰাম্য অৰ্থনৈতিক কেনেদৰে আগবঢ়িব পাৰি তাৰ ওপৰত বক্তব্য আগবঢ়ায়।