ৰহা জাগীয়াল ৰাজহুৱা ভবন আৰু কৃষ্টি বিকাশ কেন্দ্ৰৰ ব্যবস্থাপনাত যোবা ৩নবেম্বৰৰ পৰা অনুষ্ঠিত হোবা ১৫ দিনীয়া গ্ৰন্থ আৰু বানিজ্য মেলা ১৮নবেম্বৰত সমাপন হৈ আৰু সমস্ত ক্ষেত্ৰ কবিতা পাঠ,গীত,নৃত্যৰে মুখৰিত হৈ পৰে।
ৰহা জাগীয়াল ৰাজহুৱা ভবনত এই অনুষ্ঠান ৰ লগত সংগতি ৰাখি প্ৰত্যেক দিনা অনুষ্ঠিত হৈ আহিছে অকনি প্ৰতিভা বিকাশ গীত,নৃত্য, কবিতা পাঠ আৰু বিচিত্ৰানুষ্ঠানৰ।
লগতে যোবা ১৭নবেম্বৰত নগাঁও জিলা কবি সন্মিলন ৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা ৰ সঞ্চালনাত অনুষ্ঠিত হোবা কবিতাৰ এবেলা শীৰ্ষক কাব্যনুষ্ঠান ত সদৌ অসম কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মা,কাৰ্য্যনিৰ্বাহক সদস্য সঞ্জীৱ সাগৰ চৌধুৰী, ৰঙাজীয়া শাখা কবি সন্মিলনৰ সভাপতি অশোক ৰাম ভট্টাচাৰ্য, সম্পাদিকা কবিতা বৰা,বিৰেন শইকীয়া ৰ উপস্থিতিত কবি ইন্দিৰা ভট্টাচাৰ্য, দ্বিপ্তী বৰা,টুটুমনী শইকীয়া,মুনমী স্নিগ্ধা গুঞ্জনয়ে কবিতা পাঠ খুচীমনি শইকীয়াই বৰগীত,দিলীপ শৰ্মাই গীত,লেনাভজ্যোতি নাথ,পুশাজ্যা ৰানী চৌধৰী,যুগান্তৰ নাথ আৰু অভিনব নাথ নামৰ শিশুয়ে কবিতা পাঠ কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।
কবি মদাৰজ্যোতিয়ে আঁত ধৰা অনুষ্ঠানত প্ৰিয়দৰ্শনীৰ স্বাতাধিকাৰী ইন্দ্ৰ কলিতা য়ে সকলোকে এখন কৈ গ্ৰন্থ আৰু দেবদাৰু গছৰ পুলি বিতৰন কৰে।