ৰহাৰ বাৰহপুজিয়া নৌপুখুৰি নিবাসী তথা বোৱাৰী প্ৰমিলা দাসে যোৱা ৮নবেম্বৰত ফিলেপাইনছত অনুষ্ঠিত হোবা  Master Athletics International Game 2023ত ভাৰতহৈ প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় চিনিয়ৰ এথলেটিকচ প্ৰতিযোগিতাত ৮০০মিটাৰ দৌৰ প্ৰতিযোগিতাত ব্ৰোঞ্জ পদক লৈ ভাৰতবৰ্ষ ৰ লগতে সমস্ত অসম আৰু ৰহা বাৰহপুজিয়া অঞ্চললৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছে।

        প্ৰমিলা দাসৰ এই সাফল্য ত সমস্ত গাঁও বাসীৰ মাজত আনন্দ ৰ লহৰ বৈ আছে।

       প্ৰমিলা দাসে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি সোনৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

   প্ৰমিলা দাসে জানিব দিয়ে যে তেওঁ সৰুৰে পৰাই দৌৰ প্ৰতি আকৰ্ষিত আছিল আৰু বিবাহৰ পাছতো বিভিন্ন প্ৰান্তৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি পদক লবলৈ সক্ষম হৈছে।

        লগতে প্ৰমিলা দাসে কয় যে আৰ্থিক দুৰ্বলতা আৰু পাৰিবাৰিক দায়িত্ব কৰি নিজৰ প্ৰচেষ্টা ৰ বলত এই সাফলৈ অৰ্জন কৰাৰ লগতে গাঁও বাসীয়ো তেওঁক বহু সহায় কৰিছে বুলি গাঁও বাসীক ধন্যবাদ জনাই।

    প্ৰমিলা দাসৰ এই সাফল্যৰ খবৰ পাই ক্ৰীড়া ঘৰ অসমৰ ৰ অধ্যক্ষ তথা ডুগডুগী ৰ স্বতাধিকাৰী উৎপল বনিয়া প্ৰতিনিধি সহ প্ৰমিলা দাসৰ ঘৰত উপস্থিত হৈ এখন ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জনাই।