গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ কাৰ্যালয়ত স্বাধীনতাৰ অমৃত মহোৎসৱ উলহমালহেৰে উদযাপন হৈ আছে ৷ আজিৰে পৰা আৰম্ভ হ’ল শিশু ছাত্ৰছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা ৷ ৰাজহ চক্ৰ এলেকাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক ফুলকুমলীয়া শিশুৱে 'ঘৰে ঘৰে ত্ৰিৰংগা' শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আৰু দেশপ্ৰেমত উদ্বুদ্ধ ৰাইজে উপস্থিতিৰে উদগনি যোগোৱা দৃশ্য চকুত লগা ৷ কাৰ্যালয় চৌহদতে বাচকবনীয়াকৈ সজাই থোৱা ছেল্ফি পইন্টত ফটো লোৱা সকলৰ হেঁতাওপৰাও সুদৃশ্য যোগাত্মক দিশ ৷ কাৰ্যালয়ৰ চৌদিশে জাতীয় পতাকা উৰি থকা ৰজনজন পৰিৱেশ ৷

চক্ৰ বিষয়া লুকুমণি বৰাই যোগদান কৰাৰ পিছৰে পৰা এই পৰম্পৰা Halem Revenue Circle কাৰ্যালয়ত বিদ্যমান ৷ লুকুমণি বৰাৰ এই কৰ্মোদ্যম অটুট থাকক ৷