ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা প্ৰয়াত ডম্বৰুধৰ ভূঞা আৰু চাহিদা আহমেদ হাজৰিকা সোঁবৰনী চলন্ত কাপ ফুটবল লীগ প্ৰতিযোগিতা ৰ সোমবাৰৰ খেল বাৰহপূজীয়া স্পোৰ্টছ একাডেমী আৰু ৰহা টাউন ক্লাবৰ মাজত অনুষ্ঠিত হয়।

   আজিৰ খেলত বাৰহপূজীয়া স্পোৰ্টছ একাডেমী ৩-১ গলৰে বিজয়ী হয়।

   অসম জাতীয় যুব শক্তি কেন্দ্ৰীয় সমিতিৰ সম্পাদক বৰুন দাসে উদ্বোধন কৰা প্ৰতিযোগিতা ত জ্যেষ্ঠ পুলিচ বিষয়া তথা বাৰহপূজীয়া স্পোৰ্টছ একাডেমী ৰ জেনেৰেল স্ক্ৰেট্ৰী সুধন্য কুমাৰ সেনাপতি,ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি অজিত সিং ডেকা, সম্পাদক ধ্ৰুব পাতৰ সহ ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ প্ৰতিনিধি, সদস্য সদস্যা,গনমান্য ব্যক্তি আৰু শতাধিক ক্ৰীড়া প্ৰেমী ৰাইজ উপস্থিত থাকি খেল উপভোগ কৰে।