চাহ শ্ৰমিকৰ দৈনিক মজুৰি অন্তৱৰ্তীকালিন ভাবে মাত্ৰ ২৭ টকা বৃদ্ধি কৰি অসমৰ লাখ লাখ আদিবাসী চাহ শ্ৰমিক সকলক আকৌ এবাৰ প্ৰতাৰণা কৰিলে বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ সভাপতি ষ্টিফেন লাক্ৰা, সাধাৰণ সম্পাদক

দেবেন উৰাং ক্ষোভ প্ৰকাশ কৰিছে ৷ আজি মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মধ্যস্থতাত চাহ মালিকগোষ্ঠীৰ প্ৰতিনিধি আৰু অসম চাহ মজদূৰ সংঘৰ প্ৰতিনিধিৰ উপস্থিতত আজি এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ চৰকাৰে গঠন কৰি দিয়া মজুৰি উপদেষ্টা সমিতিয়ে ২০১৮ বৰ্ষত দৈনিক মজুৰি ৩৫১'৩৩ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতো আজিকোপতি সেইয়া সম্ভৱ নহল ৷ হয়তো এই মজুৰি পাবলৈ চাহ শ্ৰমিক ৰাইজে পাঁচ বছৰতকৈও অধিক সময় অপেক্ষা কৰিব লাগিব ৷ খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি সময়ত চাহ শ্ৰমিক সকলে দৈনিক মাত্ৰ ২৩২ টকা মজুৰি লাভ কৰাটো চৰম দূৰ্ভাগ্যজনকে নহয় অতি লজ্জাজনক ৷ বাগিচাৰ মালিক গোষ্ঠীৰ কথা মতে উঠা বহা কৰা চৰকাৰখনে হাড়ভঙা খাটিখোৱা শ্ৰমিকৰ মৰ্মবেদনা কেনেকৈ বুজিব বুলিও সংগঠনটোৰ সভাপতি ষ্টিফেন লাক্ৰা উপ সভাপতি মেলখাছ টপ্প সাধাৰণ সম্পাদক দেবেন উৰাঙে বিজেপি চৰকাৰখনক কটাক্ষ কৰে ৷সৱকা সাথ সৱকা বিকাশৰ শ্লগান আওৰোৱা বিজেপি চৰকাৰখনে ২৩২ টকাত কেনেকৈ বিকাশ হব সেইটো বুজাই দিয়ক ৷ বিজেপি য়ে বিধানসভাৰ নিৰ্বাচনত নিজৰ ইস্তাহাৰত ৩৫১ টকালৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হব বুলিও উল্লেখ কৰি আজি নিজৰ কথা নাৰাখি চাহ মালিক গোষ্ঠীক ৰক্ষণাবেক্ষণ দিছে ৷ বিজেপি চৰকাৰখনে বিনামূলীয়া চাউল দি দায়িত্ব সামৰিব বিচাৰিছে ৷ অসমৰ লাখ লাখ আদিবাসী চাহ শ্ৰমিকৰ ভোটেৰে চৰকাৰ গঠন কৰি আজি জনগোষ্ঠীটোৰ কোনো এটা সমস্যাই সামাধান কৰিব পৰা নাই ৷ চৰকাৰখনৰ স্ব-গোষ্ঠীয় সাংসদ, মন্ত্ৰী, বিধায়ক আৰু বাঘা বাঘা নেতাসকল চকু মুদা কুলিৰ ভাও ধৰাটো হাস্যকৰ ৷ ৩২ টকা অন্তৱৰ্তীকালিন দৈনিক মজুৰি বৃদ্ধি কৰাটো কণা হাহঁক পটান দিয়াৰ দৰে ৷এই মজুৰি বৃদ্ধিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেতিয়াও সন্তষ্ট নহয় ৷ আছা ই অনাগত দিনত ধাৰাবাহিক ভাবে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫২৫/ টকালৈকে বৃদ্ধি কৰাৰ দাবীত আন্দোলন তীব্ৰতৰ কৰি তুলিব ৷

 সংগঠনটোৰ নেতাসকলে এইক্ষেত্ৰত অসম চাহ মজদুৰ সংঘৰ নেতা সকলকো তীব্ৰ সমালোচনা কৰি জানিবলৈ দিয়ে যে, চাহ শ্ৰমিকৰ পৰা কোটি-কোটি টকা বৰঙনি লৈ পৰিচালনা কৰা অসম চাহ মজদুৰ সংঘৰ তথাকথিত শ্ৰমিক দৰদি নেতাসকলে বিগত সময় বোৰত চৰকাৰ আৰু চাহ কোম্পানীৰ হৈ ওকালতি কৰা দেখা গৈছে। আজিও তেওঁলোক বৈঠকত উপস্থিত হৈ কেনেদৰে ২৭ টকা মজুৰি বৃদ্ধিৰ সিদ্ধান্তত সম্যান হল সেয়া লক্ষণীয় ৷