ৰহা মহাবিদ্যালয় ত শনিবাৰে ১২টা পদৰ বাবে অনুষ্ঠিত হোবা ছাত্ৰ একতা সভা ৰ নিৰ্বাচনত ১২ টা পদতে আছে সমৰ্থিত প্ৰাৰ্থী বিজয়ী হৈ ছাত্ৰ একতা সভা নিজৰ দখলত আনিবলৈ সক্ষম হৈ আছু।

           শনিবাৰে ২০২৩-২৪বৰ্ষৰ বাবে অনুষ্ঠিত হোৱা ৰহা মহাবিদ্যালয় ছাত্ৰ একতা সভা ৰ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ সমৰ্থিত প্ৰাৰ্থী সুদিপ দেবনাথে ৩৬৭ ভোট লাভ কৰি সভাপতি পদত বিজয়ী হোবাৰ লগতে উপ সভাপতি পদত বাছানী ফাংচুপিয়ে ৩৮০,সাধাৰন সম্পাদক পদত দীপ কমল দাসে ৪৩৯,সহ সাধাৰন সম্পাদক পদত দিব্যজিৎ ডেকাই ৩৯৪,খেল বিভাগৰ সম্পাদক পদত প্ৰান্টু কোঁৱৰে ৪১৯,তৰ্ক বিভাগৰ সম্পাদক পদত প্ৰেৰনা পাতৰে ৩৪৮,ছাত্ৰ কল্যাণ নিধি বিভাগৰ পদত প্ৰাৰ্থ প্ৰতিম নাথে ৩৯৬ আৰু ছাত্ৰী জিৰনি কোঠা সম্পাদক পদত ৰিয়া বাচফৰে ৩২৬ ভোট লাভ কৰি বিজয়ী হোবাৰ লগতে আলোচনী বিভাগ সম্পাদক পদত অৰুপ নাথ,সাংস্কৃতিক বিভাগ সম্পাদক পদত ক্ষীৰোদ নাথ,সমাজ সেৱা বিভাগ সম্পাদক পদত অংকুৰ সেনাপতি আৰু ছাত্ৰ জিৰনি কোঠা সম্পাদক পদত প্ৰসেনজিৎ কুমাৰ দে বিনা প্ৰতিদ্বন্দিতা বিজয়ী হৈ ৰহা মহাবিদ্যালয় ছাত্ৰ একতা সভা নিজৰ দখলত কৰে আছুয়ে।

    বিজয়ী ঘোষনাৰ পাছতে বিজয়ী প্ৰাৰ্থী সকলৰ লগতে শতাধিক আছু সমৰ্থক, সদস্য সদস্যায়ে ৰহা মহাবিদ্যালয় ৰ পৰা এখন শুভাযাত্ৰা উলিয়াই বিজয় উৎসৱ পালন কৰাৰ লগতে সমস্ত ক্ষেত্ৰ গীত নৃত্যৰে মুখৰিত কৰি তুলে।

    বিজয় উৎসবত সদৌ অসম ছাত্ৰ সন্থা ৰ সহকাৰী সাধাৰন সম্পাদক মৃদুল হাজৰিকা,ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি, সম্পাদক ভাৰত বৰুৱা সহ শতাধিক আছুৰ সদস্য সদস্যা আৰু সমৰ্থক উপস্থিত থাকে।

     ৰহা মহাবিদ্যালয় ছাত্ৰ একতা সভা নিৰ্বাচন ৰ ৰিটাৰ্নি বিষয়া ৰুপে মৃদুল কুমাৰ শৰ্মা,প্ৰথম সহকাৰী ৰিটাৰ্নি বিষয়া বিৰাজ হাজৰিকা আৰু দ্বিতীয় সহকাৰী ৰিটাৰ্নি বিষয়া ৰুপে থাকে বলোৰাম নাথ।