মৰাণত অবৈধভাৱে মাটি খনন কৰি মাটি মাটি কঢ়িওৱা ডাম্পাৰ আবদ্ধ কৰিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) মৰাণ আঞ্চলিক সমিতিয়ে । মৰাণত অবৈধ ইটাভাটা আৰু অবৈধ মাটি খননে তীব্ৰ ভাবুকি আনিছে জন জীৱনলৈ । কাছমাৰি, দিহাজান, খাগৰিজান, টেটুনবাৰী, ঝলং, ৰঙাগড়া, ডিমৌ ইত্যাদি অঞ্চলত বৰ্তমান পঞ্চাশ (৫০) তকৈয়ো অধিক ইটাভাটা আছে যদিও ইয়াৰে ভিতৰত বহু ইটাভাটা চৰকাৰী নথিপত্ৰবিহীনভাৱে চলি আছে । এই ইটাভাটাসমূহৰ আলম লৈ খেতি পথাৰকে ধৰি বিভিন্ন ঠাইত চলিছে অবৈধ ভাৱে মাটি খনন । ফলত বহু অঞ্চলত বৃহৎ বৃহৎ পুখুৰী সদৃশ গাত সৃষ্টি হৈছে । বাৰিষা মৰণফান্দলৈ পৰিণত হয় এই গাতসমূহ । ইতিমধ্যে বহু পশুধনৰ লগতে মানুহ মৃত্যু মুখত পৰিবলগীয়া হৈছে । ইতিমধ্যে এই সন্দৰ্ভত ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহন কৰা নাই । বৰঞ্চ, ১ নং কাচমাৰিৰ গাঁওবুঢ়া বিজয় খাৰিয়াই চক্ৰ বিষয়াক কোনো অবৈধ খনন কাৰ্য চলা নাই অৱগত কৰিছে । সেয়েহে আজি ১ নং কাচমাৰিত অবৈধভাৱে মাটি খনন কৰি মাটি কঢ়িওৱা ডাম্পা ৰ বহু সময় ধৰি আবদ্ধ কৰি ৰাখে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) মৰাণ আঞ্চলিক সমিতিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ ક્રાઇમ બ્રાન્ચનું મોટું ઓપરેશન: પાકિસ્તાની એજન્સીને મદદ કરતો વ્યક્તિ ઝડપાયો
અમદાવાદ ક્રાઇમ બ્રાન્ચનું મોટું ઓપરેશન: પાકિસ્તાની એજન્સીને મદદ કરતો વ્યક્તિ ઝડપાયો
IT Tax Demand On Indigo: कंपनी को ₹1666 करोड़ का टैक्स नोटिस, क्या बुरी तरह गिरेगा Stock? | News
IT Tax Demand On Indigo: कंपनी को ₹1666 करोड़ का टैक्स नोटिस, क्या बुरी तरह गिरेगा Stock? | News
દેવભૂમિ દ્વારકા જિલ્લા કોર્ટ સ્ટાફ તથા વકીલ નો ક્રિકેટ ટુર્નામેન્ટ યોજાયો
દેવભૂમિ દ્વારકા જિલ્લા કોર્ટ સ્ટાફ તથા વકીલ નો ક્રિકેટ ટુર્નામેન્ટ યોજાયો