ঢকুৱাখনাৰ ৭নং ৱাৰ্ডৰ বালিগাঁৱৰ সৰবৰহী ব্যক্তি বগেন কোঁৱৰ যোৱাকালি নিশা ৯.২৫ বজাত পৰলোকপ্ৰাপ্তি হয় ৷ বাৰ্ধক্যজনিত কাৰণত ৫৭ বছৰৰ বয়সত ডিব্ৰুগড়ৰ অসম মেডিকেল মহাবিদ্যালয়ত পৰলোকগামী হয় । কোঁৱৰৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে সমগ্ৰ ঢকুৱাখনাত ৷ কোঁৱৰৰ মৃত্যুত ঢকুৱাখনাৰ যুৱক সমাজৰ লগতে গাওঁখনৰ ভকত বৈষ্ণৱ বৃন্দই শোক প্ৰকাশ কৰা লগতে সমগ্ৰ ঢকুৱাখনাবাসীয়েও শোক প্ৰকাশ কৰে ৷ অতি অমায়িক , দায়িত্বস সত্ৰ ব্যক্তি হিচাপে পৰিচিত হৈ কোঁৱৰে তেওঁৰ মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, বোৱাৰী লগতে আত্মীয়-স্বজনক এৰি গৈছে ।