পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে টিংখাঙৰ পৰা লাডাখলৈ চাইকেলৰে যাত্ৰা কৰি উভতি পুনৰ গৃহজিলাত প্ৰৱেশ কৰিলে দুই যুৱকে । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ১ নং নাহৰপাৰা বৰবিল গাঁৱৰ দুই প্ৰকৃতিপ্ৰেমী যুৱক অভিলেখ সন্দিকৈ আৰু প্ৰভাত তাঁতীয়ে ২১ আগষ্টৰ পৰা চাইকেলেৰে সজাগতা যাত্ৰা কৰিছিল লেহ লাডাখলৈ । 'পৰিবেশ সুৰক্ষা কৰক আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক' এই আহ্বান যুৱককেইজনৰ । আজি ৭৭ দিনৰ অন্তত লাডাখৰ ঘূৰি আহি মৰাণ নগৰত পোৱাৰ সময়ত দুয়োগৰাকী চাইক্লিষ্টক সম্বৰ্ধনা জ্ঞাপন কৰে অসমীয়া যুৱ মঞ্চ, মৰাণ আঞ্চলিক সমিতিয়ে ।