ৰহাত আজি ৰহা ৰাজহ চক্ৰ ৰ অন্তৰ্গত ১৯জন অৱসৰ প্ৰাপ্ত চৰকাৰী গাঁও প্ৰধান সকলক বিদায় সম্বৰ্ধনা জনাই।

   ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ ত আজি দিনৰ ১১বজাত সদৌ অসম চৰকাৰী গাঁও প্ৰধান সন্থাৰ ৰ ৰহা ৰাজহ চক্ৰ ৰ চৰকাৰী গাঁও প্ৰধান সন্থাৰ উদ্যোগত অনুষ্ঠিত হোবা বিদায় সম্বৰ্ধনা সভাত ৰহা ৰাজহ চক্ৰ ৰ অন্তৰ্গত বিভিন্ন গাঁওৰ অৱসৰ প্ৰাপ্ত চৰকাৰী গাঁও প্ৰধান সকলক এখনকৈ ফুলাম গামোচা,চেলেং আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি হিদাই সম্বৰ্ধনা জনোৱা ৰ লগতে সু স্বাস্থ্য আৰু দিৰ্ঘায়ুৰ কামনা কৰে।

      ৰহা ৰাজহ চক্ৰ ৰ চৰকাৰী গাঁও প্ৰধান সন্থাৰ সভাপতি পিতসিং দেউৰীৰ সভাপতিত্বত,সম্পাদক মহেন্দ্ৰ ডেকাৰ উদ্দেশ্য ব্যাখ্যা আৰু গাঁও প্ৰধান ৰন্টু মুদৈয়ে আঁত ধৰা বিদায় সম্বৰ্ধনা সভাত ৰহা ৰাজহ চক্ৰ ৰ চক্ৰ বিষয়া সুপ্ৰভা ৰয়, কাননগো প্ৰবোধ মহন্ত, উচ্চ বৰ্গ সহায়ীকা চজলিকা কাকতি, সহকাৰী সহায়িকা পৰিস্মিতা শইকিয়া,নগাঁও জিলা চৰকাৰী গাঁও প্ৰধান সন্থাৰ সভাপতি ৰত্নকান্ত বৰা,কাৰ্যকৰী সভাপতি পংকজ দেউৰী, সম্পাদক প্ৰশান্ত লোচন ডেকা সহ নগাঁও জিলা, ৰহা চৰকাৰী গাঁও প্ৰধান সন্থাৰ বিষয় ববীয়া,সদস্য, সদস্যা,ৰহা ৰাজহ চক্ৰ ৰ চৰকাৰী গাঁও প্ৰধান, অৱসৰ প্ৰাপ্ত চৰকাৰী গাঁও প্ৰধান সকল উপস্থিত থাকে।

লগতে আজিৰ সভাত চৰকাৰী গাঁও প্ৰধান সন্থাই চৰকাৰক অবসৰ প্ৰাপ্ত চৰকাৰী গাঁও প্ৰধান সকলক এককালীন ১০ লাখ টকা প্ৰদান কৰাৰ লগতে ২৭,৫০০টকা দিয়া ৰ ব্যবস্থা কৰাৰ দাবী জনাইছে।