ৰাজ্যখনৰ আন জিলাসমূহৰ লগতে দৰং জিলাতো আজিৰে পৰা খেল মহাৰণ আৰম্ভ হৈছে। আজি জিলাখনৰ সকলোবোৰ গাঁও পঞ্চায়ত আৰু পৌৰসভাত খেল মহাৰণৰ অন্তৰ্গত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে। আজি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই উপহুপাৰা, মোৱামাৰী, হাজৰিকাপাৰা আৰু দেৱানন্দ পঞ্চায়তত আয়োজিত খেল মহাৰণৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে। দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে মঙলদৈ পৌৰসভাই মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজন কৰা খেল মহাৰণ কাৰ্যসূচীৰ উদ্বোধন কৰে । এই উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত (ক্ৰীড়া) জোনটি ডেকা, মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মাও উপস্থিত আছিল। সেইদৰে খাৰুপেটীয়া পৌৰসভাই খাৰুপেটীয়া টাউন খেলপথাৰত আয়োজন কৰা খেল মহাৰণৰ উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে আৰু খাৰুপেটীয়া পৌৰসভাৰ সভাপতি কৃষ্ণা সাহা উপস্থিত থাকে।
গাঁও পঞ্চায়ত আৰু পৌৰসভাসমূহত আয়োজিত খেল মহাৰণৰ কাৰ্যসূচীত খেলুৱৈসকলৰ লগতে ক্ৰীড়াবিদ, ক্ৰীড়ানুৰাগী ব্যক্তি, ছাত্ৰ -ছাত্ৰী আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে। আজি জিলাখনৰ অধিক সংখ্যক গাঁও পঞ্চায়ত আৰু পৌৰসভাত এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৪-৫ খন পঞ্চায়তে আৰম্ভণিৰ কাৰ্যসূচী হিচাপে খো-খো, কাবাডী আৰু ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰে।
খেল মহাৰণৰ অংশ হিচাপে ১৯ বছৰ বয়সৰ তলৰ আৰু উৰ্দ্ধৰ এই দুয়োটা শাখাতে খেলুৱৈসকলে এথলেটিকছ (১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ), ফুটবল, ভলীবল, কাবাডী আৰু খো-খো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । গাঁও পঞ্চায়ত/পৌৰসভা পৰ্যায়ৰ পৰা নিৰ্বাচিত খেলুৱৈয়ে বিধানসভা পৰ্যায়ত, বিধানসভাৰ পৰা ক্ৰমে জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব পাৰিব। উল্লেখ্য যে, দৰং জিলাত খেল মহাৰণ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ১০১০৭৯ গৰাকী খেলুৱৈয়ে নাম পঞ্জীয়ন কৰিছে ।