দেশৰ পঞ্চদশগৰাকী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সংগ্ৰামী জীৱনৰ ওপৰত প্ৰকাশ পাইছে এখন অসমীয়া গ্ৰন্থ। ৰাষ্ট্ৰপতি মুৰ্মুৰ জীৱন-কীৰ্তিৰ ওপৰত অসমীয়া ভাষাত প্ৰকাশ কৰা এইখনেই সম্ভৱতঃ প্ৰথম গ্ৰন্থ।

পিন্ধিবলৈ এযোৰ চেণ্ডেল নথকা ওড়িষাৰ অতিকে দুখীয়া চাওতাল পৰিয়ালৰ পৰা আহি আজি কিদৰে ৰাষ্ট্ৰপতি হ'ল এই সকলো কথা সন্নিৱিষ্ট হৈছে লেখক মুকুল ডেকাৰ এই কিতাপখনত। একেদৰে তিনিটিকৈ সন্তান আৰু স্বামীক হেৰুৱাই মৰি মৰি জীয়াই থকা ৰাষ্ট্ৰপতি গৰাকীৰ বহু অজানা কথা গ্ৰন্থ খনত পাঠকে পঢ়িবলৈ পাব বুলি স্বাগতা প্ৰকাশনৰ স্বত্বাধিকাৰী প্ৰণৱ কলিতাই জানিবলৈ দিছে।