১০৬নং সোণাৰি বিধান সভাৰ সমষ্টিৰ সাপেখাতী উন্নয়ন খণ্ডৰ অন্তৰ্গত হৰিদেৱ পঞ্চায়তৰ পশ্চিম বালিখেতীয়া গাঁৱৰ গগৈ চুক ৰ পৰা ধোদৰ আলিৰ সংযোগী পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে গাওঁবাসীক। বাৰিষাৰ এজাক বৰষুণ দিলেই উক্ত পথটো একাঠু পৰ্যন্ত বোকা হৈ পৰা ফলত অঞ্চলটোৰ জনসাধাৰণে বছৰ বছৰ ধৰি জীয়াতু ভুগিব লগা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে ভাৰতবৰ্ষ স্বাধীনতা হোৱা ৭৫ বছৰৰ ভিতৰত কংগ্ৰেছ দলে অধিক সময় শাসনত অধিষ্ঠিত হৈছিল যদিও অঞ্চল টোৰ জনসাধাৰণে কোনো উন্নয়ন ৰ মূখ দেখিবলৈ সক্ষম নহল।কংগ্ৰেছ দলৰ প্ৰতি অতিষ্ঠ হৈ অসমৰ ৰাইজে পৰিৱৰ্তন ৰ স্বাৰ্থত বিজেপি চৰকাৰক শাসনত অধিষ্ঠিত কৰিলে। কিন্তু 

সেই অঞ্চলটোৰ সমস্যাৰাজী সমাধানৰ পথ আজি পৰ্যন্ত হোৱাৰ দৃষ্টিগোচৰ নহ'ল।

 লংকালৈ গলে সকলো ৰাৱণ হয়। উক্ত আপ্ত বাক্যশাৰীয়ে যেন এতিয়া প্ৰতিফলিত হৈছে,কিয়নো সেই সময়ত সোণাৰি সমষ্টিৰ বিধায়ক তথা সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ সম্পাদক তপন কুমাৰ গগৈ য়ে প্ৰতিনিধিত্ব কৰা সমষ্টিৰ ৰ দলীয় সভাত এই পথ ৰাইজক ভাল কৰি দিয়াৰ আস্বাস প্ৰদাণ কৰিছিল যদিও আজি পৰ্যন্ত এই পথটোৰ প্ৰতি কোনো দলীয় কিম্বা প্ৰশাসনৰ লোক উপস্থিত হৈ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম নহল।উল্লেখযোগ্য যে ২০১৬-১৭ বৰ্ষত উক্ত পথটি শিলনীকৰণ আৰু ক্লালভাৰ নিৰ্মাণৰ নামত চতুৰ্দশ আচনিৰ অধিনত দুই লাখ টকা আৱণ্টন হৈছিল ।কিন্তু পঞ্চায়ত অভিযন্তা, সচিব, ৱাৰ্ড মেম্বাৰ আৰু উন্নয়ন সমিতিৰ সভাপতি জনৈক ৰাজকোঁৱৰ লগ হৈ আৱণ্টিত সমুদায় টকা আত্মহাত কৰা বুলি অঞ্চল টোৰ ৰাইজে অভিযোগ উত্থাপিত কৰিছে।এই সম্পৰ্কে হৰিদেৱ গাওঁ পঞ্চায়তৰ সভানেত্ৰী উষা গগৈৰ লগত যোগাযোগ কৰাত সভানেত্ৰীয়ে জনাই যে প্ৰতিটো ৱাৰ্ডত কাম সমূহ কমিটি গঠন কৰি ভাগ বতৰা কৰি দিয়া হয়।উন্নয়নৰ কামৰ দায়িত্ব সমিতিৰ সভাপতি, আৰু পঞ্চায়তৰ সচিৱৰ দায়িত্ব থাকে।তেওঁলোকে পথটি শিলনীকৰণ আৰু ক্লালভাৰ নিৰ্মাণ নকৰি ভূৱা ভাৱে বিল দাখিল কৰি চৰকাৰী ধন আত্মহাত তেওঁ লোকৰ সম্পূৰ্ণ জগৰীয়া, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি উল্লেখ কৰে।আনহাতে স্থানীয় ৰাইজে জনোৱা মতে ১৫ আগষ্টৰ পূৰ্বে পথটি মেৰামতি নকৰিলে ঐতিহাসিক ধোদৰ আলি পথ অৱৰোধ কৰা লগতে ৭৫ স্বাধীনতা দিৱস বৰ্জনৰ ভাবুকি প্ৰদান কৰে।