সমগ্ৰ ৰাজ্যৰ লগতে ৰহা,চাপৰমুখতো মংগলবাৰে প্ৰতিমা বিসৰ্জনেৰে চাৰিদিনীয়া শাৰদীয় দুৰ্গা পুজা সম্পন্ন।

    ২০অক্টোবৰ মহাষষ্ঠী কলহ স্থাপনেৰে শুভাৰম্ভ চাৰিদিনীয়া শাৰদীয় দুৰ্গা পুজাত পুৰোহিতৰ বৈদিক মন্ত্ৰচাৰনেৰে  সপ্তমী,অষ্টমী ,নবমী আৰু দশমী বিহিত পূজাৰে সমস্ত ক্ষেত্ৰ বৈদিক মন্ত্ৰচাৰন,নাম কীৰ্তনৰে ভক্তিময় হৈ পৰে।

     শাৰদীয় দুৰ্গা পুজা ৰ অন্তিম দিন তথা চতুৰ্থ দিন মহা বিজয়া দশমীত দশমী বিহিত পূজা সম্পন্ন ৰ পাছতে সন্ধিয়া ৰহা জ্যোতি সংঘ, ৰহা পুৰনাচাৰিআলী,ৰহা সাৰ্বজনীন দূৰ্গা পূজা আৰু ৰহা ৰহদৈ বাৰোবাৰী যুবক যুৱক সংঘৰ লগতে ৬ পুজা সমিতিৰ দ্বাৰা ঢাক,বেণ্ড ৰ থাপে থাপে নৃত্য,ফাকুবা খেলি,আচিচবাজী মা দুৰ্গাৰ প্ৰচিমা লৈ নগৰ ভ্ৰমন কৰি ৰহা নতুন দলং কলং নদীত অশ্ৰোশীক্ত নয়নেৰে মা প্ৰতিমা বিচৰ্জন কৰি চাৰিদিনীয়া শাৰদীয় দুৰ্গোৎসব ৰ সমাপন কৰে।

       এই বৰ্ষ ৰহা পুৰনাচাৰিআলী দুৰ্গা পুজা উদযাপন সমিতিৰ ৰূপালী জয়ন্তীৰ বৰ্ষ উপলক্ষে কেদাৰনাথ ধামৰ আৰ্হিত নিৰ্মিত পুজা মণ্ডপ আৰু ৰহা জ্যোতি সংঘ দুৰ্গা পুজা উদযাপন সমিতিৰ দ্বাৰা নিৰ্মিত ৪০ফুট উচ্চৰ শংখ চক্ৰ গদ্দা পদ্ম ৰ ভক্ত সকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ৰহা,চাপৰমুখ ৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অহা সহস্ৰাধিক ভক্তসকলে মা দৰ্শন কৰি আশিৰ্বাদ লয়।

     মংগলবাৰে প্ৰতিমা বিসৰ্জন ৰ পাছত ৰহা পুৰনাচাৰিআলী দুৰ্গা পুজা উদযাপন সমিতিৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে অনুষ্ঠিত দশমী নিশাত আমন্ত্ৰিত জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী আৰু ৰাজীৱ নাথে গীত পৰিবেশন কৰি সহস্ৰাধিক ৰাইজক আপ্লুত কৰাৰ লগতে যুৱক যুবতী সকলে গীতৰ তালে তালে নৃত্য কৰি সমস ৰ ক্ষেত্ৰ মুখৰিত কৰাৰ লগতে Jhankarডেন্চ একাদেমিৰ কন কন শিশু সকলে মহিশাষুৰ মৰ্দনী নৃত্য আৰু শিশু দীপাংকৰ ৰয়ে আধুনিক নৃত্য প্ৰদৰ্শন কৰি সহস্ৰাধিক ৰাইজক মন্ত্ৰমুগ্ধ কৰে।