দূৰ্গোৎসৱৰ আনন্দ-উল্লাস ৰ মাজতে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং সৰুপথাৰ টেঙাদলঙ তিনিআলিত চাঞ্চল্যকৰ ঘটনা । মিৰ্জা আহমেদ নামৰ লোকজনৰ দোকানখন নিশা কোনো দুস্কৃতিকাৰীয়ে প্ৰেট্ৰল ঢালি জ্বলাবলৈ চেষ্টা কৰে । সেই সময়ত দোকানৰ ভিতৰতে থকা দোকানৰ স্বত্বাধিকাৰী মিৰ্জা আহমেদ কথমপি ৰক্ষা পৰে আৰু জুই নুমুৱাবলৈ সক্ষম হয় । ইতিমধ্যে ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে । আনহাতে গৰীয়া মৰীয়া জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বুলবুল ৰহমানে ঘটনাৰ তদন্ত কৰি দোষীক শাস্তিদিবলৈ আৰক্ষীক দাৱী জনাই।
টেঙাদলঙ তিনিআলিত মিৰ্জা আহমেদৰ দোকান নিশা কোনো দুস্কৃতিকাৰীয়ে প্ৰেট্ৰল ঢালি জ্বলাবলৈ চেষ্টা কৰে, আৰক্ষী ৰ তদন্ত আৰম্ভ
