মৰাণত আটা মিলত উদ্ধাৰ কৃষি বিভাগৰ ঘেঁহু, ঘটনা সন্দৰ্ভত মৰাণ ৰাজহ চক্ৰ বিষয়া ড°সংগীতাশৰ্মাই প্ৰতিকৃিয়া ব্যক্ত কৰি কয় যে তেওঁ নিজেই এই সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।  

শনিবাৰে নিশা মৰাণৰ শ্যাম ইণ্ডাষ্ট্ৰীৰ আটা গুদামত উদ্ধাৰ হৈছিল Not for sale. Khanapara guwahati লিখা ৩৬ বেগ ঘেঁহু বীজ । ইয়াৰ পিছতে নিশাই প্ৰশাসনৰ লোকে চীল কৰি দিছিল আটাৰ গুদামটো । ইয়াৰ পিছতে দেঁওবাৰে গুদামৰ পৰা ঘেঁহু বেগসমূহ জব্দ কৰি নিজৰ জিন্মাত ৰাখে কৃষি বিভাগে । এই ঘেঁ‌হু বাবুল নেৱাৰ আৰু মৰাণৰ বিজয় পাণ্ডে নামৰ দুই দালালৰ পৰা আটা গুদামৰ স্বত্বাধিকাৰীয়ে ৩৫ হাজাৰ টকাত ক্ৰয় কৰিছিল এই কথা স্বীকাৰ কৰিছে স্বত্বাধিকাৰীৰ পৰিয়ালে ।