কালি মহাষষ্ঠী,পূবা পুৰোহিতৰ দ্বাৰা বৈদিক মন্ত্ৰচাৰনেৰে মহাষষ্টী কলহ স্থাপন কৰি জগতজননী মা দূৰ্গা ক বেদীত প্ৰান প্ৰতিষ্ঠা কৰি চাৰিদিনীয়া শাৰদীয় দূৰ্গোৎসবৰ শুভাৰম্ভ হব।
বৃহতৰ ৰহা চাপৰমুখ ৰ বিভিন্ন দূৰ্গা পূজা উৎসব উদযাপন সমিতিৰ দ্বাৰা প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি মা দুৰ্গাক আদৰিবৰ বাবে সাজু হৈছে।
এই বছৰ ৰহা পুৰনাচাৰিআলী দুৰ্গা পুজা উদযাপন সমিতিয়ে ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে তীৰ্থ স্থল কেদাৰনাথ ধামৰ আৰ্হিত দুৰ্গা পুজা ৰ আটকধুনিয়া পেণ্ডেল নিৰ্মান কৰাৰ লগতে ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে মহানবমীত ৰূপালী জয়ন্তী স্মাৰক গ্ৰন্থ উন্মোচন কৰাৰ লগতে মহাদশমীত অনুষ্ঠিত কৰিব সাংস্কৃতিক সন্ধ্যা। সাংস্কৃতিক সন্ধ্যা ৰ মুখ্য আকৰ্ষণ হব জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী।
ৰহা চাপৰমুখ ৰ বিভিন্ন দূৰ্গা পূজা উৎসব উদযাপন সমিতিৰ লগতে ৰহা নগৰৰ মাজমজিয়াত ৰহা জ্যোতি সংঘ, ৰহা সাৰ্বজনীন দূৰ্গা পূজা উৎসব উদযাপন সমিতি আৰু ৰহা ৰহদৈ বাৰোবাৰী যুব মঞ্চয়ো প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ কৰিছে।
১৯৮৮ চনত স্থাপিত ৰহা জ্যোতি সংঘ দুৰ্গা পুজা সমিতিৰ মুখ্য আকৰ্ষণ হব শংখ চক্ৰ গদ্দা আৰু পদ্ম।জ্যোতি সংঘই প্ৰত্যেক বৰ্ষৰ বিভিন্ন আৰ্হিত পূজা পেণ্ডেল নিৰ্মান কৰি ভক্ত সকলক আকৰ্ষিত কৰি আহিছে।