ডিব্ৰুগড় জিলা অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ এখন সাধাৰণ সভা আজি মৰাণৰ বামুণবাৰী চাহ জনজাতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সম্পন্ন হৈ যায় । সভাত ডিব্ৰুগড় জিলাৰ অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সকলৰ এখন পূৰ্ণাঙ্গ জিলা সমিতি গঠন কৰা হয় । সভাত সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক সন্থাৰ সম্পাদক হৰমোহন বৰা উপস্থিত থাকি ৰাজ্যত প্ৰায় ২৪ হাজাৰ অপ্ৰাদেশীকৃত শিক্ষকৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে এৰাই চলিব বিচৰা কাৰ্যক সমালোচনা কৰে । লগতে শিক্ষক সকলৰ সৈতে আলোচনা কৰিম বুলি কোৱা কাৰ্য শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ আহ্বান জনায় । আনহাতে অসম চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত পাঠদান কৰিব বিচৰা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰে সম্পাদক জনে । তেওঁ কয় যে মাতৃভাষাতো সদায় বাহাল ৰাখিব লাগে । তাৰ পৰিৱৰ্তে ইংৰাজী বিষয়তো প্ৰথম শ্ৰেণীৰ পৰা শিকোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰে । আজি এই সভাৰ পৰাই অপ্ৰাদেশীকৃত শিক্ষক সকলৰ ১৪ টাকৈ দাবী সম্বলিত এখন পত্ৰও চৰকাৰলৈ আগবঢ়োৰ সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখযোগ্য যে এই সভাত ডিব্ৰুগড় জিলা প্ৰায় শতাধিক শিক্ষক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આ પરીવાર માથે આભ ફાટ્યુ
ખેડબ્રહ્મામા યુવતી ગૂમ થવા અંગે પોલીસમાં જાણ કરાઈ
| ખેડબ્રહ્મા
ખેડબ્રહ્માના...
Breaking News: छुट्टी पर गए Air INDIA के कर्मचारी, फोन भी बंद, अभी और रद्द हो सकती हैं फ्लाइट्स
Breaking News: छुट्टी पर गए Air INDIA के कर्मचारी, फोन भी बंद, अभी और रद्द हो सकती हैं फ्लाइट्स
'भारतीय संस्कृति का नहीं करने देंगे अपमान', OTT प्लेटफार्म की बैठक में अनुराग ठाकुर ने दिया कड़ा संदेश
नई दिल्ली, सूचना एवं प्रसारण मंत्री अनुराग ठाकुर ने मंगलवार को ‘ओवर द टॉप’ (ओटीटी)...
दारू के नशे में युवक ने अध्यापक पर दांव से किया हमला
चराईदेव जिला अंतर्गत तिनाली बाम पुलिस थाना अंतर्गत प्राथमिक विद्यालय के अध्यापक तुलसी...