ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি পূজা কমিটি সমুহক দহহেজাৰকৈ টকা দিয়াৰ সিদ্ধান্তক মৰাণৰ পূজা কমিটি সমুহে আদৰণি জনোৱাৰ বিপৰীতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ছহেজাৰ নশ তেপ্পন্ন খন যিবিলাক পূজা তিনিবছৰতকৈ অধিক পুৰণি সেই কমিটি সমুহক দহ হেজাৰকৈ টকা দিব বুলি ঘোষনা কৰিছে। মৰাণ নগৰৰ উনষাঠি সংখ্যক সাৰ্বজনীন দুৰ্গা পূজা সমিটিৰ বিষয় ববীয়াই মত প্ৰকাশ কৰে যে-কেবিনেটে দহহেজাৰকৈ টকা দিয়াৰ সিদ্ধান্ত মানি লোৱাটো আদৰনীয় নহয়। কিয়নো , প্ৰত্যেক খন পূজা কমিটিক দহ হেজাৰকৈ দিবলৈ। হ'লে কেইবা কোটি টকাৰ প্ৰয়োজন হ'ব। যিটো ৰাইজৰ পইচাৰেই দিব লাগিব।অৰ্থাৎ ৰা ইজৰ পৰা ৰাজহ হিচাবে জমা থকা পইচা ।যি সময়ত ৰাজ্যচৰকাৰ কোটি কোটি টকাৰ ধৰুৱা হৈ আছে। তেনেস্থলত চৰকাৰৰ এই পদক্ষেপ কোনোপধ্যেই গ্ৰহন যোগ্য নহয়।