১৯০৫চনত স্থাপিত ঐতিহ্যমণ্ডিত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ১২০বছৰীয়া জয়ন্তী সমাৰোহ উদযাপন ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে আজি বিদ্যালয় স্থিত মহেন্দ্ৰ নাথ বৰদলৈ প্ৰেক্ষাগৃহ ত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সোমেশ্বৰ বৰদলৈৰ সভাপতিত্বত আৰু অধ্যক্ষ প্ৰভাত চন্দ্ৰ নাথৰ উদ্দেশ্য ব্যাখ্যা ৰে অনুষ্ঠিত হোবা ৰাজহুৱা সভাত ১২০বছৰীয়া জয়ন্তী সমাৰোহ উদযাপন ক লৈ আলোচনা কৰাৰ লগতে অহা ৯নবেম্বৰত বছৰ জোৰা কাৰ্য্যসূচীৰে জয়ন্তী সমাৰোহ শুভাৰম্ভ কৰাৰ প্ৰস্তাৱ লোবাৰ লগতে জয়ন্তী সমাৰোহ সূচাৰু পৰিচালনাৰ বাবে ৰাজহুৱা সভাৰ সৰ্বসম্মতীত ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যাপক দিগন্ত কুমাৰ ডেকাক সভাপতি আৰু বিদ্যালয় ৰ অধ্যক্ষ প্ৰভাত চন্দ্ৰ নাথক সম্পাদক হিচাপে লৈ ১০১ জনীয়া জয়ন্তী সমাৰোহ উদযাপন সমিতি গঠন কৰে।সভাত মহাবিদ্যালয় শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি বিশ্বজিত ভূঞা,ৰহা মীন মহাবিদ্যালয় ৰ প্ৰাক্তন ডীন ড° কৃষ্ণ কান্ত তামুলী,তিবা স্বায়ত্ব পৰিষদ ৰ সদস্য অজিত ডেকা, বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি হেমন্ত বিকাশ ডেকা,জ্যেষ্ঠ শিক্ষক দিলিপ ৰাজখোৱা, মৃগাংক বৰা,তিবা ছাত্ৰ সন্থা ৰ উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং,সদৌ অসম ছাত্ৰ সন্থা ৰ সহকাৰী সাধাৰন সম্পাদক মৃদুল হাজৰিকা, নগাঁও জিলা ছাত্ৰ সন্থা ৰ উপ সভাপতি হৰি প্ৰসাদ ৰাজখোৱা, ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি, জ্যেষ্ঠ নাগৰিক ডমৰু শৰ্মা,ৰহা আঞ্চলিক টাই আহোম ছাত্ৰ সন্থা ৰ সভাপতি ৰূপক চন্দ্ৰ বৰা,কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ শিব বৰা,পংকজ বৰা,ৰাতুল ৰাজবংশী,জ্যেষ্ঠ সাংবাদিক সুভাষ ডেকা সহ বিদ্যালয় ৰ অৱসৰপ্ৰাপ্ত আৰু বৰ্তমানৰ শিক্ষক,শিক্ষয়ত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, দল সংগঠনৰ প্ৰতিনিধি,বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সহ জ্যেষ্ঠ নাগৰিক আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।
ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ১২০বছৰীয়া জয়ন্তী সমাৰোহ উদযাপনৰ প্ৰস্তুতি।ৰাজহুবা সভাত ১০১জনীয়া উদযাপন সমিতি গঠন।৯নবেম্বৰৰ পৰা বছৰযোৰা কাৰ্য্যসূচীৰে হব শুভাৰম্ভ।
