ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ সামাজিক মাধ্যম আৰু অধিক টনকিয়াল কৰিবলৈ ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া প্ৰতিখন জিলাতে সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক পৰ্য্যায়ৰ সক্ৰিয় সদস্যসকলক প্ৰভাৰীৰ দায়িত্ব প্ৰদান কৰিছে। সমগ্ৰ অসমতে ২৪ জনকৈ ৰাজ্যিক পৰ্য্যায়ৰ সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়াক ৰাজ্যৰ অন্যান্য জিলাসমূহত প্ৰভাৰীৰ দায়িত্ব প্ৰদান কৰে। চৰাইদেউ জিলাত ৰাজ্যিক পৰ্য্যায়ৰ সংখ্যালঘু মৰ্চাৰ সামাজিক মাধ্যম কোষৰ সদস্য শ্বৰীফ কামালক চৰাইদেউ, তিনিচুকীয়া, ধেমাজি আৰু লক্ষ্মীমপুৰ মুঠ ৪ খন জিলাৰ সংখ্যালঘু মৰ্চাৰ সামাজিক মাধ্যম কোষৰ প্ৰভাৰীৰূপে দায়িত্ব প্ৰদান কৰিছে।