ৰহাৰ পশ্চিম দীঘলদৰি নিবাসী তথা লক্ষ্ণৌ ভাটখাণ্ডে ৰ পৰা সংগীত বিশাৰদ ডিগ্ৰী লাভ কৰা সুৰেন্দ্ৰ কুমাৰ নাথ সৰুৰে পৰা সংগীত সাধনা কৰিছিল।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

         শিল্পী সুৰেন্দ্ৰ কুমাৰ নাথ এগৰাকী গীতিকাৰ,সুৰকাৰ,দক্ষ অভিনেতা আৰু শংকৰী কলা কৃষ্টিৰ নীৰব সাধক হিচাবে অঞ্চলৰ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত জডিত থকাৰ লগতে ভাস্কৰ্য্য শিল্পী হিচাপেও বিখ্যাত।

     ১৯৯১চনত নবপ্ৰজন্মৰ কন কন শিশু সকলৰ সুপ্ত প্ৰতিভা বিকশিত কৰাৰ উদ্দেশ্য পশ্চিম দীঘলদৰি স্থিত নিজা বাস স্থানত চিত্ৰলেখা কলা কেন্দ্ৰ নামেৰে এটি চিত্ৰ ভাস্কৰ্য্য কেন্দ্ৰ স্থাপন কৰি আজি পৰ্য্যন্ত শিশু সকলক চিত্ৰকলা, যোগ প্ৰনায়ামৰ,গীত নৃত্য ৰ শিক্ষা প্ৰদান কৰি আহিছে।

     পেছাত এগৰাকী শিক্ষক হিচাবে কৰ্মজীৱন ৰ আৰম্ভ কৰি এজন আদৰ্শ শিক্ষক হিচাবে ২০১৬ চনত অৱসৰ গ্ৰহন কৰা শিল্পী সুৰেন্দ্ৰ কুমাৰ নাথক তেখেতৰ জীৱন জোৰা সাধনা আৰু অবদানৰ বাবে যোবা অক্টোবৰত শ্ৰীশ্ৰী শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী স্থিত শ্ৰীশ্ৰী মাধৱদেব আন্তৰ্জাতিক প্ৰেক্ষাগৃহ ত সাংস্কৃতিক মহাসভা,অসমৰ উদ্যোগত অনুষ্ঠিত গাম্ভৰ্য্যপূৰ্ন পঞ্চম ৰাজ্যিক বঁটা আৰু উপাধি প্ৰদান অনুষ্ঠান ২০২৩ত জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হয়।সুৰেন্দ্ৰ কুমাৰ নাথ ৰ লগতে বিভিন্ন ক্ষেত্ৰত অবদান আগবঢ়োৱা ৰাজ্যৰ ১০৬গৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মীক বঁটা, উপাধি প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত ৰাজ্যৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া উপস্থিত থাকি বঁটা প্ৰদান কৰে।

        জীৱন জোৰা সাধনা বঁটা লাভ কৰি শিল্পী সুৰেন্দ্ৰ কুমাৰ নাথে সাংস্কৃতিক মহাসভা,অসমৰ লগতে সমস্ত ৰহা বাসীক ধন্যবাদ জ্ঞাপন কৰিছে।