চিকিমত জল প্ৰলয়ত মৰাণৰ তিনিজন লোক আবদ্ধ হৈ থকা খৱৰ পোহৰলৈ আহিছে । এই কথা সদৰি কৰিছে পৰিয়ালৰ লোকে । চৰাইদেউ জিলাৰ হিংৰিজান চাহ বাগিচাৰ শুভম আগৰৱালা, চুকাফা নগৰৰ নিৰজ শৰ্মা, মৰাণ নগৰৰ পৰ্থম আগৰৱালা । তিনি ব্যৱসায়ীৰ পুত্ৰই যোৱা ১ অক্টোবৰত চিকিমলৈ ফুৰিবলৈ বুলি ওলাই গৈছিল । ইয়াৰ পিছতে ৩ অক্টোবৰলৈকে যোগাযোগ ৰাখিছিল পৰিয়ালৰ সৈতে । বানৰ বিভীষিকাৰ মাজতে পিছত ৬ অক্টোবৰত সেনা ৰেজিমেন্টৰ শিৱিৰৰ পৰা পৰিয়ালক ফোন কৰিছিল যুৱককেইজনে । ইয়াৰ পিছত কোনো যোগাযোগ নাই যুৱককেইজনৰ । হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে যুৱককেইজনৰ পৰিয়ালকেইটাত । ইফালে শুভম আগৰৱালাৰ ভাতৃ বিতু আগৰৱালাই আৱদ্ধ হৈ থকা যুৱকজনক উদ্ধাৰৰ বাবে সহায় বিচাৰি মূখ্যমন্ত্ৰীলৈ টুইট কৰিছে । অসম চৰকাৰক যুৱককেইজনক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।