নলবাৰী জিলাৰ অন্যতম ক্ৰীড়ানুষ্ঠান বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাবৰ উদ্যোগত আয়োজিত ৩৫  তম বৰ্ষৰ প্ৰথমবাৰ্ষিক প্ৰয়াত প্ৰবীন চন্দ্ৰ শইকীয়া আৰু পুস্পলতা শইকীয়া সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হবলগা চুড়ান্ত খেলখন বতৰৰ প্ৰতিকুল পৰিস্থিতিৰ বাবে স্থগিত ৰাখিছে৷খন্তেক আগতে বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱ আৰু খেল পৰিচালনা সমিতিৰ যুটীয়া সভাত উক্ত সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব দিয়ে৷পৰবৰ্তী খেলখন অহা ১৪ অক্টোবৰ শনিবাৰে আবেলি দুইবজাত অনুষ্ঠিত হব বুলি জানিব দিয়ে৷উক্ত খেলখন কামৰূপ ৰুৰেল এফ চি আৰু বৰভাগ আঞ্চলিক ক্ৰীড়া সংঘৰ মাজত অনুষ্ঠিত হব৷