ছিকিমৰ লহনাক হ্ৰদত সংঘটিত ডাৱৰ বিস্ফোৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই বিস্ফোৰণৰ ফলত তিষ্টা নদীৰ নামনি অঞ্চলত সৃষ্টি হোৱা আকস্মিক বানে কেইবাটাও পথ- দলং উটুৱাই নিয়ে। এই বানত বৰ্তমানলৈ ১৪ জনৰ মৃত্যু হোৱাৰ লগতে ১০২ জন লোক সন্ধানহীন হৈ আছে। SDRF আৰু NDRF দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিখোজ ২৩ সেনাৰ ভিতৰত এজন সেনা জোৱানক উদ্ধাৰ কৰা হৈছে। অৱশ্যে পানীৰ সোঁতৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে।
উত্তৰ ছিকিমৰ তিস্তা নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত মাংগান, পাকয়ং আৰু গেংটকত সর্বাধিক ক্ষতি হৈছে। ছিকিমৰ বহু অঞ্চলত এতিয়াও ২০০০ৰো অধিক লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। চৰকাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত সতর্কবাণী জাৰি কৰা হৈছে। ভাৰতীয় সেনাই ছিকিমত নিখোজ সেনা জোৱানসহ সন্ধানহীন লোকৰ পৰিয়ালৰ উদ্ধাৰৰ বাবে তিনিটা হেল্পলাইন নম্বৰ মুকলিকৰিছে। সেনাৰ হেল্পলাইন নম্বৰসমূহ হৈছে—পূব ছিকিমৰ বাবে হেল্পলাইন নম্বৰ-8756991895উত্তৰ ছিকিমৰ বাবে হেল্পলাইন নম্বৰ8750887741 সন্ধানহীন জোৱানৰ বাবে হেল্পলাইন নম্বৰ - 7588302011