দেওমৰনৈ শিয়ালা বৈষ্ণৱ সত্ৰত শ্ৰীকৃষ্ণ জন্মোৎসৱ উদ্‌যাপন সমিতিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন ।

জন্মোৎসৱ উদ্‌যাপন সমিতিৰ সম্পাদক মুকুট কুমাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাখন সঞ্চালনা কৰে সত্ৰ পৰিচালনা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি চন্দ্ৰকান্ত কুমাৰে ৷ 

 সভাত আগন্তুক ১৯ অনুষ্ঠিতব্য উৎসৱৰ কাৰ্য়সূচী প্ৰস্তুতকৰণৰ লগতে অস্থায়ী ৰভা মঞ্চৰ নিবিদা সম্পৰ্কে আলোচনা কৰা হয় ৷

উল্লেখযোগ্য যে ঐতিহাসিক শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰত শ্ৰীকৃষ্ণ জন্মোৎসৱটি উদ্‌যাপনৰ ব্যাপক প্ৰস্তুতি চলাই দেৱেন্দ্ৰ কুমাৰ মহন্তক সভাপতি, খগেন কুমাৰক মুখ্য সম্পাদক আৰু মুকুট কুমাৰক সম্পাদক হিচাপে লৈ উদ্‌যাপন সমিতি গঠন কৰা হৈছে ৷