বিশিষ্ট সমাজকৰ্মী ,শিক্ষাবিদ ,সদৌ কেৱল কাল সংহতি সংঘৰ আজীৱন সভ্য, পশ্চিম ঘিলামৰা যুৱক সংঘৰ প্ৰতিষ্ঠাপক ,টেঙা আম চাপৰি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা ঘিলামৰা বালিয়নী(ব্লকমুখ)গাঁৱৰ নিবাসী ভীমকান্ত বৰগোঁহাই ৯৪বছৰ বয়সত বাৰ্ধক্য জনীত কাৰণত মৃত্যু হয়।১৯৬৫চনত ঘিলামৰা বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত টেঙা আম চাপৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত প্ৰধান শিক্ষক হিচাপে দায়িত্ব আৰু ২০০০চনত অৱসৰ গ্ৰহণ কৰে।

শিক্ষকতাৰ লগতে ঘিলামৰা পাব্লিক হাইস্কুল, পশ্চিম ঘিলামৰা এম ই স্কুল, পশ্চিম ঘিলামৰা যুৱক সংঘ, নৰ্থ বেংক কলেজ আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াত আগ ভাগ লৈছিল।