#দৰঙৰ খাৰুপেটীয়াৰ আছাম অইল তেল ডিপোৰ সমীপত চাইকেল আৰোহীক প্ৰচণ্ড খুন্দা ১৬ চকীয়া ট্ৰাকৰ ।

#দুৰ্ঘটনাত মৃত্যু খাৰুপেটীয়াৰ সোণাৰুপট্ৰীৰ দ্বীনবন্ধু সাহা (৬০) নামৰ এজন লোক।

#উল্লেখযোগ্য যে, দ্বীনবন্ধু সাহা নামৰ বৃদ্ধ লোক জনে নিজৰ চাইকেল লৈ খোজকাঢ়ি খাৰুপেটীয়াৰ নাগেশ্বৰৰ পৰা চাৰিআলি পিনে আহি থকা সময়তে আছাম অইল তেল ডিপোৰ সমীপত AS 01 PC 2126 নম্বৰৰ মালবাহি ট্ৰাক খনে প্ৰচণ্ড খুন্দা মাৰে । যাৰ ফলত গুৰুতৰ ভাবে আহত হয় লোক জন । 

#লোক জনক খাৰুপেটীয়া সামূহিক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা সংকট জনক অৱস্থাত মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়া পথত মৃত্যু হয় বুলি জানিব পৰা গৈছে