এক শোকাকুল পৰিৱেশত অগনন গুনমুগ্ধৰ উপস্থিতত সদ্য প্ৰয়াত ছাত্ৰ নেতা, সদৌ অসম চুতীয়া ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, চুতীয়া উন্নয়ন পৰিষদৰ সদস্য বিপুল চুতীয়াৰ সোঁৱৰণত এখন স্মৃতি চাৰণ সভা সম্পন্ন হয়। সদৌ চুতীয়া জাতি সন্মিলন , সদৌ অসম চুতীয়া ছাত্র সন্থা , চুতীয়া জাতি উন্নয়ন পৰিষদৰ যৌথ উদ্যোগত তথা চুতীয়া জনগোষ্ঠীটোৰ মাজুলী জিলাৰ ভাতৃ সংগঠনৰ সহযোগত উজনি মাজুলী মিলন সংঘত অনুষ্ঠিত সভাৰ প্ৰাকক্ষণত প্ৰয়াত চুতীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু ম্যাল্যাৰ্পন কৰি ছাত্ৰ নেতাজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই স্মৃতিচাৰণ সভাতে প্ৰয়াত চুতীয়াৰ সোঁৱৰণত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই প্ৰকাশ কৰি উলিওৱা তথা সন্থাৰ সহকাৰী সম্পাদক ৰূপজ্যোতি বৰাৰ সম্পাদনাত প্ৰকাশিত 'স্মৃতি সুবাস' শীৰ্ষক স্মৃতি গ্ৰন্থখন উন্মোচন কৰে বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ডিম্বেশ্বৰ খনিকৰে । অনুষ্ঠানত প্ৰয়াত যুৱ ছাত্ৰ নেতাজনৰ স্মৃতি ৰোমন্থন কৰি সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ সভাপতি বিপুল হাজৰিকাই কয় যে প্ৰয়াত চুতীয়াই কেৱল যে জনগোষ্ঠীৰ উত্তৰনৰ হকে অক্লান্ত কাম কৰিছিল তেনে নহয়, চুতীয়া জনগোষ্ঠীৰ সমানে সমানে তেওঁ মাজুলী আৰু সমগ্ৰ অসমীয়া জাতি হকে কাম কৰিছিল। চুতীয়া ছাত্ৰ সন্থাৰ সতে প্ৰয়াত চুতীয়া জন্মলগ্নৰে পৰা জড়িত আছিল বুলি সভাপতি হাজৰিকাই মন্তব্য কৰি সৎ, কেতিয়াও আপোচ নকৰা, তীক্ষ্ণ বুদ্ধিমত্তা ছাত্ৰ নেতাজনৰ মৃত্যু সমাজৰ কাৰণে বৃহৎ ক্ষতি বুলি কয়। সমান্তৰালভাৱে চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাই প্ৰয়াত চুতীয়া উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ আছিল বুলি মন্তব্য কৰি তেওঁ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ছাত্ৰ সন্থাই পদক্ষেপ ল'ব বুলি মন্তব্য কৰে। চুতীয়া জাতি সন্মিলন সাধাৰণ সম্পাদক নৃপেন শইকীয়া, চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়াই আত ধৰা অনুষ্ঠানত চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুলকমল বৰা, উপাধ্যক্ষদ্বয় প্ৰাঞ্জল ৰাজ খনিকৰ, জ্যোতিপ্ৰসাদ চুতীয়া,চুতীয়া যুৱ সন্মিলন, অসমৰ সভাপতি মোহন শইকীয়া ,উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ টাহু , যুৱ সাংবাদিক ৰন্টু নেওগ, চুতীয়া জনগোষ্ঠী মহিলা সন্মিলনৰ সম্পাদিকা অৰ্পনা চুতীয়া, আক্ৰাছুৰ মাজুলী জিলাৰ সম্পাদক আদিত্য কোচ, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সদস্য নিল দলে, দেউৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ভাস্কৰ দেউৰী আদিয়ে অংশগ্ৰহণ কৰি প্ৰয়াত ছাত্ৰ নেতাজনৰ ব্যক্তিত্ব ওপৰত আলোকপাত কৰে।  বক্তা সকলে প্ৰচুৰ প্ৰতিভা সম্পন্ন প্ৰয়াত চুতীয়াই জাতিটোৰ বাবে আগবঢ়াই থৈ যোৱা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । আনহাতে, স্মৃতি গ্ৰন্থৰ উন্মোচক  শিক্ষাবিদ খনিকৰে প্ৰয়াত চুতীয়াই অতি কম সময়ৰ ভিতৰত জাতিটোৰ বাবে আগবঢ়োৱা সেৱাৰ মূল্যায়ন কৰে । উল্লেখ্য যে সদৌ অসম চুতীয়া জাতি ছাত্ৰ সন্থাই প্ৰয়াত চুতীয়াৰ সোঁৱৰণত প্ৰতি বছৰে এটি বঁটা প্ৰদান কৰা , চুতীয়া জাতি উন্নয়ন পৰিষদৰ দ্বাৰা মাজুলীত বিপুল চুতীয়া এটি প্ৰতিমূৰ্তি স্হাপন কৰাকে মুখ্য কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।