মৰাণত আজি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন বৰশী বোৱা প্ৰতিযোগিতা ৷ চৰাইদেউ জিলাৰ মৰাণৰ খুমটাইত অৱস্থিত জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙৰ বৃহৎ পুখুৰীত ত্ৰিদেৱ ফিচিং গ্ৰুপে আয়োজন কৰা এই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰত থকা এখন এল্ট' k10 গাড়ী লাভ কৰে লক্ষীমপুৰ লেচাই গাঁ‌ৱৰ প্ৰীতম দত্তই ৷ তেওঁ পোৱা মাছটোৰ ওজন 5.390 KG  । দ্বিতীয় পুৰস্কাৰ এখন গ্লেমাৰ বাইক লাভ কৰে শিৱসাগৰৰ বাবুপতি চামচুল হকে । তেওঁ পোৱা মাছটোৰ ওজন 4.937KG । ইয়াৰে প্ৰথম পুৰস্কাৰ লাভ কৰা প্ৰীতম দত্তই প্ৰথম বাৰৰ বাবে এনেদৰে বৰশী বোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ।

এই ব্যতিক্ৰমী প্ৰতিযোগিতাখনক লৈ আজি সমগ্ৰ অঞ্চলটোতে উৎসৱমুখৰ পৰিবেশ পৰিলক্ষিত হয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ পৰাও বহু প্ৰতিযোগীয়ে আহি অংশগ্ৰহন কৰিছিল এই বৰশী বোৱা প্ৰতিযোগিতাত । প্ৰায় ছয় শতাধিক প্ৰতিযোগীয়ে ভিৰ কৰে বিপিন চাউদাঙৰ পুখুৰীৰ পাৰত ৷ এই বৰশীবোৱা প্ৰতিযোগিতাত  মুঠ ৪৫ টা পুৰস্কাৰ আছিল ।