ৰাজ্যৰ চৰকাৰী স্কুল সমূহৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ২ অক্টোবৰ অৰ্থাত গান্ধী জয়ন্তীৰ দিনটোত খোলা থাকিব ৰাজ্য চৰকাৰৰ অধীনৰ সকলো বিদ্যালয়। শনিবাৰে অসম চৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

গান্ধী জয়ন্তীক আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস হিচাপে উদযাপন কৰিবলৈ ২ অক্টোবৰৰ দিনটোত সমগ্ৰ ৰাজ্যৰ বিদ্যালয়সমূহ খোলা থাকিব বুলি ঘোষণা কৰিছে।

ৰাজ্যৰ শিক্ষা বিভাগৰ এক অধিসূচনা অনুসৰি অহা ২ অক্টোবৰত বিশ্বজুৰি পালন হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যৰ সকলো বিদ্যালয়তে এই দিৱস পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ছাত্ৰ-ছাত্ৰীসকলক সৰ্বাংগীন একতাৰ সংস্কৃতিৰ কথা সোঁৱৰাই দিয়াৰ বাবে বিভিন্ন কাৰ্যসূচী আয়োজন কৰিবলৈ বিদ্যালয়সমূহ খোলা থাকিব।

আন্তৰ্জাতিক অহিংসা দিৱস প্ৰতি বছৰে অক্টোবৰ মাহৰ ২ তাৰিখে মহাত্মা গান্ধীৰ জন্মদিনৰ দিনা গোটেই বিশ্বজুৰি পালন কৰা হয়। ভাৰতত এই দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়।

২০০৭ চনৰ ১৫ জুন তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ভোটৰ যোগেৰে ২ অক্টোবৰক আন্তৰ্জাতিক অহিংসা দিৱসৰূপে ঘোষণা কৰে।