ৰহা পুৰনাচাৰিআলী দূৰ্গোৎসব উদযাপন সমিতিয়ে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ উল্লহ মালহেৰে পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে আজি লাইখুঁটা স্থাপন কৰি নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰা হয়।

       বৃহতৰ ৰহা চাপৰমুখ বিভিন্ন দুৰ্গোৎসব উদযাপন সমিতিৰ দ্বাৰা ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহা পুৰনাচাৰিআলী দুৰ্গোৎসব উদযাপন সমিতিয়ে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষৰ উপলক্ষে মাৰ দৰবাৰ তীৰ্থমগৰী কেদাৰনাথ ধামৰ আৰ্হিত নিৰ্মাণ কৰিব।

 আজি ৰহা মজলীয়া বিদ্যালয় ত দিনৰ ১১বজাত লাইখুঁটা স্থাপন কৰি নিৰ্মাণ কাৰ্য্য ৰ শুভাৰম্ভ কৰে।লাইখুঁটা স্থাপনত ৰহা পুৰনাচাৰিআলী ৰূপালী জয়ন্তী দুৰ্গোৎসব উদযাপন সমিতিৰ সভাপতি ভুপেন কুমাৰ দাস,কাৰ্য্যকৰী সভাপতি চন্দনজ্যোতি ভূঞা,সম্পাদক মৃদুল হাজৰিকা সহ সদস্য সকল উপস্থিত থাকি সমস্ত ক্ষেত্ৰ মা দুৰ্গাৰ জয়ৰে ভক্তিময় কৰি তুলে।

      উদযাপন সমিতিয়ে জানিব দিয়ে যে ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে গ্ৰন্থ উন্মোচন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান ৰ আয়োজন কৰা হব।