চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলত সামাজিক দ্বায়বদ্ধতাক অগ্ৰাধিকাৰ দি কল্যানমূলক কাৰ্য সম্পাদনৰ লক্ষ্যৰে ২০১৮ চনত গঠন কৰা চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপ, মথুৰাপুৰ নামৰ স্বেচ্ছাসেৱী সংগঠনটো বৃহস্পতিবাৰে পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন কৰা হয়।

সফলতাপূৰ্বক পাঁচটা বছৰ সম্পন্ন কৰা মথুৰাপুৰ 

চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ আজি পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে গ্ৰুপটোৰ উদ্যোগত মথুৰাপুৰ চাহ বাগিচাৰ নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত এক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷বৰ্ষপূতিৰ সৈতে সংগতি ৰাখি গ্ৰুপটোৰ কৰ্মকৰ্তা সকলে বিদ্যালয় খন কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত শিকন সামগ্ৰী বিতৰণ কৰে ৷