২০১৫ বৰ্ষত স্থাপিত ৰহা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত অহা ১ অক্টোবৰত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

     ৰহা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলন ৰ সভাপতি মনোৰমা ভুঞা আৰু সম্পাদক বিনোৱা ৰাজবংশীয়ে জানিব দিয়ে যে পূবা ৯বজাত শাখা সভাপতি মনোৰমা ভুঞা ৰ দ্বাৰা পতাকা উওোলন, কাৰ্য্যকৰি সভাপতি যতীন্দ্ৰ কুমাৰ পাৰৈৰ বন্তি প্ৰজ্বলন আৰু উপদেষ্টা লোকনাথ দাস,ভগবান চন্দ্ৰ গৌস্বামী, ৰ দ্বাৰা স্মৃতি তৰ্পন কৰি শুভাৰম্ভ কৰাৰ পাছত ১০ বজাৰ পৰা শাখা সভাপতি মনোৰমা ভুঞা ৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হব।মুকলি সভাত মুখ্য অতিথি ৰুপে অৱসৰ প্ৰাপ্ত যুটিয়া স্বাস্থ্য সেবা সঞ্চালক ড°  কৃষ্ণ কুমাৰ বৰা,বিশিষ্ট অতিথি ৰূপে ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা আৰু আমন্ত্ৰিত অতিথি ৰুপে ৰহা ৰাজহ চক্ৰ ৰ চক্ৰ বিষয়া সুপ্ৰভা ৰয় উপস্থিত থাকিব।

    লগতে সভাত জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে মহেশ চন্দ্ৰ লস্কৰ,সুষমা বৰা,কমল চন্দ্ৰ শৰ্মা,মানিক চন্দ্ৰ নাথ,নিৰু বৰা,বিতোপন নাথ আৰু লোকনাথ দাসক বিশেষ সম্বৰ্ধনা জনোৱা হব।