বলীউডৰ প্রথম শাৰীৰ অভিনেত্ৰীৰ মাজত তেঁৱো আছে। বায়েকো অভিনয়ক্ষেত্ৰৰ নামজ্বলা অভিনেত্ৰী। কিন্তু কেৰিয়াৰ গঢ়ি তুলিলে সম্পূৰ্ণ ভিন্ন ক্ষেত্ৰত। পৃথক ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তোলাৰ বাবেই ঘৰৰ পৰাও আঁতৰি গৈছিল ১৭ বছৰ বয়সতে। পোনতে অভিনয় নকৰো ভাৱিও আকৌ অভিনয় ক্ষেত্ৰলৈ উভতি অহাৰ পাছত কোনো ছবিতেই তেওঁ বিশেষ পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলে। এখনৰ পাছত আনখন ফ্লপ ছবিৰ পাছতেই মানসিকভাৱে ভাঙি পৰিল পৰিণীতি চোপ্ৰা। বহুদিন ধৰি তেওঁ বলীউডৰ পৰাও সন্যাস গ্ৰহণ কৰি শেষলৈ আকৌ বলীউডত ভুমুকি মাৰিছিল। তেনেতেই তেওঁৰ জীৱনলৈ ৰাঘৱ চাড্ডাৰ আগমন।

ৰাঘৱৰ সৈতে প্ৰেমৰ কথাবোৰ ভাইৰেল হৈছিলহে মাত্ৰ হঠাতেই দুয়োৱে আয়োজন কৰে বাগদান অনুষ্ঠানৰ। তাৰপিছতেই বিগত দেওবাৰে বিবাহপাশত আৱদ্ধ হয় ৰাঘৱ-পৰিণীতি। কেৰিয়াৰত সফল নহ’লেও পৰিণীতিৰ উপাৰ্জন কিন্তু অইন বলীউড অভিনেত্ৰীতকৈ কম নহয়। বলীউডৰ প্ৰথমশাৰীৰ অভিনেত্ৰীৰ সৈতে অৰ্থৰে তেওঁ ফেৰ মাৰিব পাৰে। অভিনয়ত সফল নহ’লেও তেওঁ বিজ্ঞাপনেৰেই মাহিলী বহু পৰিমাণৰ অৰ্থ উপাৰ্জন কৰে।

১৯৮৮ চনৰ ২২ অক্টোবৰত হাৰিয়ানাৰ অম্বালায়ত জন্ম পৰিণীতিৰ। হাৰিয়ানাৰ বিদ্যালয়তে শিক্ষাজীৱন আৰম্ভ হৈছিল পৰিণীতিৰ। উচ্চশিক্ষাৰ বাবে তেওঁ পাছলৈ লণ্ডনলৈ যায়। সৰুৰে পৰাই পঢ়াশুনাত চোকা আছিল পৰিণীতি। দ্বাদশ শ্ৰেণী পৰ্যন্ত পৰীক্ষাত তেওঁ প্ৰথম হৈছিল। আনকি এটা পৰীক্ষাত শীৰ্ষ স্থান অধিকাৰ কৰাৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পেটেলৰ পৰা পুৰস্কাৰো লাভ কৰিছিল পৰিণীতিয়ে। ১৭ বছৰ বয়সতেই লণ্ডনলৈ গৈছিল পৰিণীতি। মাঞ্চেষ্টাৰ বিজনেছ স্কুলত ব্যৱসায়, অৰ্থনীতি আৰু বিনিয়োগ সংক্ৰান্তীয় বিষয়ত ডিগ্ৰী লয় পৰিণীতিয়ে। এটা দুটা নহয়, পৰিণীতি তিনিটাকৈ বিষয়ত স্নাতক ডিগ্ৰীধাৰী। তাতো গানবাজনা লৈয়েই ব্যস্ত হৈ পৰে পৰিণীতি। কলেজত পঢ়াশুনা শেষ কৰি লণ্ডনৰে এটা ফুটবল ক্লাবতো কিছুদিন কাম কৰে পৰিণীতিয়ে। সেই ক্লাবত কাম কৰোতে পৰিণীতিয়ে খেলুৱৈসকলক খাদ্য যোগান ধৰা কাম কৰিছিল। পৰিণীতিৰ সপোন আছিল বেংকাৰ হোৱাৰ। কলেজৰ পঢ়া শুনা সামৰি লণ্ডনতেই চাকৰিও বিচাৰে পৰীয়ে। কিন্তু ২০০৯ চনত ব্ৰিটেইনৰ অৰ্থনৈতিক মন্দৱস্থাৰ সময়ত ব্যক্তিগত খণ্ডৰ চাকৰিসমূহত প্ৰভাৱ পৰে। চাকৰি বিচাৰি পৰীয়ে কোনো সুবিধাজনক চাকৰি লাভ নকৰি পুনৰ দেশলৈ উভতি আহে। মুম্বাইলৈ উভতি আহিয়েই বলীউডৰ খ্যাতনামা প্ৰযোজক সংস্থা যশৰাজ ফিল্মছ দফতৰৰ জনসংযোগ পৰামৰ্শদাতা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে পৰিণীতিয়ে।

২০১০ চনত মুক্তিপ্ৰাপ্ত ‘বেণ্ড বাজা বাৰাত’ ছবিৰ প্ৰচাৰৰ দায়িত্বও লৈছিল পৰিণীতিয়ে। সেই সময়তেই অভিনয়ৰ প্ৰতি আগ্ৰহী হৈ উঠে পৰী। প্ৰযোজক সংস্থাৰ চাকৰি এৰি পৰীয়ে অভিনয় শিকিবলৈ প্ৰশিক্ষণ কেন্দ্ৰত ভৰ্তি হয়। ২০১১ চনত মুক্তিপ্ৰাপ্ত ‘লেডিছ ভাৰ্চেছ ৰিকি ভেল’ ছবিত পাৰ্শ্বচৰিত্ৰত অভিনয় কৰিছিল পৰিণীতিয়ে। বক্স অফিচত ছবিখনে বিশেষ ব্যৱসায় কৰিব নোৱাৰিলে। ২০১২ চনত যশৰাজ ফিল্মছ প্ৰযোজক সংস্থাই মুকলি কৰে ‘ইছকজাদে’। এই ছবিত মুখ্যচৰিত্ৰত অভিনয় কৰিছিল পৰিণীতিয়ে। বনী কাপুৰৰ পুত্ৰ অৰ্জূন কাপুৰে পৰীৰ বিপৰীত চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিতেই বিশেষ ৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰিছিল পৰিণীতিয়ে। তাৰপিছতেই শুদ্ধ দেশী ৰোমান্স, হাঁছি তৌ ফাঁছি’ৰ দৰে ৰোমাণ্টিক ছবিতো অভিনয় কৰিছে পৰীণীতিয়ে। এই দুখন ছবি হীট নহ’লেও ভালেই ব্যৱসায় কৰিছিল বক্স অফিচত। ২০১৪ চনৰ শেষৰ ফালে আৰু ২০১৫ চনৰ মাজৰ ভাগত পৰিণীতিৰ কেৰিয়াৰ সূৰ্য অস্তমিত হৈ পৰে। সেই সময়ত পৰিণীতিয়ে যিকেইখন ছবিত অভিনয় কৰিছে আটাইকেইখনেই ফ্লপ।

এটা পুৰণা সাক্ষাৎকাৰত পৰিণীতিয়ে কৈছিল, ‘এটাৰ পাছত আনখন ছবিয়ে বক্স অফিচত বেয়া ব্যৱসায় কৰাৰ বাবে মই খুব হতাশো হৈছিলো। মানসিক অৱসাদত ভুগিছিলো। ডেৰ বছৰ মোৰ জীৱনৰ খুবেই বেয়া সময়। পেছাগত দিশত মই খুবেই ভাঙি পৰিলো। মোৰ হাতত ধনো ইমান নাছিল। আৰ্থিক সংকট আহিছিল। যি ধন আছিল সেই ধনেৰে ঘৰ ক্ৰয় কৰি লৈছিলো। ব্যক্তিগত জীৱনতো বহু দিশৰ পৰা অশান্তি আহিছিল। জীৱনত ইতিবাচক একোৱেই নাছিল।’

পৰিণীতিয়ে জীৱনৰ বেয়া সময়ৰ বৰ্ণনা দি কয়,’খোৱাবোৱাও বন্ধ কৰি দিছিলো। অভাৱী সময়ত বন্ধুৰ লগো পোৱা নাছিলো। মই নিজকে পৰিয়ালৰ পৰাও আঁতৰাই ৰাখিছিলো। প্ৰায় দুসপ্তাহ মানত ঘৰলৈ ফোন কৰিছিলো। ঘৰৰ চাৰিদেৱালৰ পৰা পাৰ হোৱা বাদেই দিছিলো। ঘৰত বহি টিভি চাওঁ। শুও, শোৱাৰ পৰা উঠি নিত্য নৈমিত্তিক কাম। অসুস্থও হৈ পৰিছিলো। ছমাহ কোনো পাৰ্টী বা মিডিয়াত বাইট দিবলৈকো ওলোৱা নাছিলো।’

পৰিণীতিক সেই সময়ত কেৱল এজন ব্যক্তিয়েই সহায় কৰিছিল। পৰিণীতিৰ ভাতৃ ছাহেজে তেওঁক সেই অৱসাদৰ পৰা ওলাই অহাত সহায় কৰিছিল। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ এগৰাকী বান্ধৱীৰ কথাও উল্লেখ কৰে। পৰীয়ে কয়, ‘মোৰ ভাতৃ ছাহেজে সেই সময়ত মোক সংগ দিছিল। সিয়েই একমাত্ৰ মানুহ যাৰ সৈতে মই কথা পাতিছিলো। অৱশ্যে বান্ধৱী সঞ্জনাইয়ো মোৰ সেই সময়ত লগ দিছিল। দিনত ১০-১২ বাৰ মই কেৱল কান্দিছিলো। ডেৰ বছৰ তেনেকৈ কটোৱাৰ পাছত ২০১৬ চনত ধীৰে ধীৰে কথাবোৰ সলনি হোৱা যেন অনুভৱ হ’ল। ২০১৬ চনত হাতলৈ কেইটামান কাম আহে।’ ‘মেপি প্যাৰি বিন্দু’ আৰু ‘গুলমাল এগেইন’ ছবিত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰে পৰিণীতিয়ে।

দুখন ছবিৰ কাম পোৱাৰ পাছত মানসিকভাৱে কিছু শক্তিশালী হৈ পৰে পৰী। তেতিয়াই শৰীৰচৰ্চাৰ দিশতো মনোনিৱেশ কৰে পৰীয়ে। বলীউডত কেৰিয়াৰ আৰম্ভ কৰোতে চেহেৰাক লৈয়ো কটাক্ষৰ সন্মুখীন হৈছিল পৰী। মুখৰ গঢ়, ওজন সকলোবোৰক লৈ নানান কু মন্তব্যও শুনিব লগা হৈছিল পৰীয়ে। বলীউডত কটাক্ষৰ স্বীকাৰ হৈ শৰীৰচৰ্চাৰ মাধ্যমেৰে ২৮ কিঃগ্ৰাঃ ওজন কমাইছিল অভিনেত্ৰী পৰীয়ে। বৰ্তমান নতুন সংসাৰক লৈ ব্যস্ত হৈ পৰিছে পৰিণীতি। ইয়াৰোপৰি অক্টোবৰত তেওঁৰ নতুন ছবিয়ে মুক্তি লাভ কৰিব। ৬ অক্টোবৰত মুক্তিলাভ কৰিব তেওঁৰ ছবিয়ে। টিনু সুৰেশ দেশাইৰ পৰিচালনাত মুক্তি লাভ কৰিব মিছন ৰানীগঞ্জে। এই ছবিত পৰিণীতিৰ সৈতে অভিনয় কৰিছে অভিনেতা অক্ষয় কুমাৰে।