স্বাধীনতাৰ অমৃৎ মহোৎসৱৰ সৈতে সংগতি ৰাখি ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিস্থীত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ৰ সমিপৰ পৰা জনতা যুৱ মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু সাপেখাটি, সোণাৰী নগৰ,চফ্ৰাই,বৰহাট মণ্ডল যুৱ মৰ্চাৰ সহযোগত আজি উলিওৱা মটৰ চাইকেল ৰেলী বাহিৰ কৰা হয় । 

চৰাইদেউ জিলা যুৱ মৰ্চাৰ সভাপতি ৰুপম গগৈ নেতৃত্বত উলিওৱা মটৰ চাইকেল ৰেলীত বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাছা, যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ কাৰ্য্যনিবাহক সদস্য পবি গগৈ  লগতে আটাইকেইটা মণ্ডলৰ সভাপতিসকল ও দলীয় কাৰ্য্যৰ্কতাসকল উপস্থিত থাকে।