# দৰঙৰ বৃহত্তৰ খাৰুপেটীয়া  এলেকাত মেলেৰীয়া ডাক্তৰ বুলি পৰিচিত খাৰুপেটীয়া  সোনাৰ পট্টিৰ   মছৰফ উদ্দিন আহমেদে  সোমবাৰে নিশা ইহলীলা সম্বৰণ কৰে  ।  ৯০ উৰ্ধৰ আহমেদ ডাক্তৰ  খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত  এগৰাকী  পেথলজিষ্ট  হিচাপে  চাকৰি জীৱনৰ অন্ত পেলাই  বিগত ত্ৰিশ বছৰে  খাৰুপেটীয়া টাউনতে  ব্যক্তিগতভাবে চিকিৎসা সেৱা আগবঢ়াই আহিছিল। অঞ্চলটোত  মেলেৰীয়া  চিকিৎসাৰ ক্ষেত্ৰত তেখেত  ভাল চিকিৎসা সেৱা আগবঢ়াই আহিছিল  । উল্লেখ্য যে কালি হঠাত  অসুস্থ হোৱাত খাৰুপেটীয়াৰ ডিউ কেয়াৰ হস্পিতালত ভৰ্তি কৰায় যদিও  নিশা ১২ টা মান বজাত  চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাহ ত্যাগ কৰে । আজি আবেলি তেওঁৰ আত্মীয় আৰু গুণমুগ্ধসকলৰ উপস্থিতিত খাৰুপেটীয়া টাউন কবৰস্থানত তেখেতৰ জানাজা সম্পন্ন কৰে  । মৃত্যুৰ সময়ত তেঁও  পত্নীৰ লগতে তিনিজন পুত্ৰ  এগৰাকী জীয়ৰী আৰু নাতি নাতিনীয়েক আৰু আত্মীয়ক এৰি যায়। 

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं