ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা কাৰ্যালয়পৰা বগীনদীলৈ আজাদি কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি গ্ৰহণ কৰা বাইক ৰেলি।
ভাৰতীয় জনাত যুৱ মৰ্চা ,ঢকুৱাখনা জিলা সমিতিৰ উদ্যোত ঢকুৱাখনা ,ঘিলামৰা আৰু বগীনদী মণ্ডলৰ সহযোগত 'আজাদি কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি এক বিশাল বাইক ৰেলি বাহিৰ কৰা হয়। উক্ত বাইক ৰেলিত অংশগ্ৰহণ কৰে বিজেপিৰ অসম প্ৰদেশৰ কাৰ্যনিবাহক সদস্য বসন্ত শইকীয়া, ঢকুৱাখনা জিলা সভাপতি প্ৰদীপ চমুৱা ,ঢকুৱাখনা মণ্ডল সভাপতি সুনীল দলে,ঢকুৱাখনা জিলা যুৱ মৰ্চা সভাপতি বিকুদৰ দাস,মণ্ডল যুৱ মৰ্চা সভাপতি অনজিৎ পেগু আৰু জিলা তথা মণ্ডলৰ বিষয়ববীয়া সকলৰ অংশগ্ৰহনেৰে এই বিশাল বাইক ৰেলি সাফল্যমণ্ডিত কৰি তোলে।