খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আয়ুস্মান ভবৰ   অধীনত স্বাস্থ্য মেলাৰ আয়োজন। 

#দৰং জিলা স্বাস্থ্য বিভাগৰ  কাৰ্যসূচীমতে আৰম্ভ হোৱা স্বাস্থ্য মেলাৰ প্ৰথম কাৰ্যসূচীখন আজি খাৰুপেটীয়া স্বাস্থ্য কেন্দ্ৰত আয়োজন কৰা হয়। খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি এদিনীয়া কাৰ্যসূচীৰে এই মেলাৰ আয়োজন কৰে । লগতে আজি   স্বাস্থ্য   সেৱাৰ আয়ুস্মান কাৰ্ডৰো কাম কৰা হৈছে । পুৱাৰে পৰা আৰম্ভ হোৱা  স্বাস্থ্য মেলাত  দেখা গল  ৰোগীৰ ভিৰ। জিলা স্বাস্থ্য  বিষয়া ৰমেশ ভট্টাচাৰ্যই  জানিবলৈ দিয়া মতে আজি ৭০০  ৰো  অধিক  ৰোগীক  চিকিৎসা সেৱা আগবঢ়োৱা হব । আজি ৰোগীক  গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ  চকু চিকিৎসা বিভাগ, মানসিক ৰোগৰ,  নাক কান ডিঙি আদি বিভাগৰ  চিকিৎসকে  চিকিৎসা সেৱা আগবঢ়ায়।