ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ এজন নিষ্ঠাবান প্ৰবীণ কৰ্মী , বৃহত্তৰ আলিমুৰ ডাংধৰা গাঁওৰ এগৰাকী অগ্ৰণী সমাজ সংগঠক তথা ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডিম্বেশ্বৰ পাতিৰ আৰু নাই । শুক্ৰবাৰৰ মাজ নিশা উচ্চ ৰক্তচাপ জনিত কাৰণত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধহৈ নিশা প্ৰায় ১২ বজাত অকাল মৃত্যুক সাৱটি লয় মিষ্টভাষী ব্যক্তি পাতিৰে । আজীৱন কংগ্ৰেছ দলৰ হৈ নিষ্ঠাবান ৰাজনৈতিক সেৱা আগবঢ়াই অহা পাতিৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল প্ৰায় ৫০ বছৰ । বিগত দুটা বছৰৰ ব্লক কংগ্ৰেছৰ সম্পাদক হিচাবে শলাগনীয় সাংঠনিক সেৱা আগবঢ়াই যোৱা নিঃস্বাৰ্থ কৰ্মী গৰাকীৰ অকাল বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে । এগৰাকী অগ্ৰণী দলীয় সতীৰ্থক অকালতে হেৰুৱাই মৰ্মাহত ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতি । অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে , নাওবৈছা বিধানসভা সমষ্টিৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ , প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ডঃ ৰাণী নৰহ, ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সম্পাদক শৰৎ পাতিৰ , ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়া , ডাংধৰা মণ্ডল কংগ্ৰেছ সমিতি , ঢকুৱাখনা ব্লক মহিলা কংগ্ৰেছ সমিতি ,ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছ সমিতি , ঢকুৱাখনা ব্লক এন এছ ইউ আই সমিতি আদি বিভিন্ন ব্যক্তি, দল সংগঠনে পাতিৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰিছে । দলৰ সতীৰ্থ পাতিৰক অকালতে হেৰুৱাই শোকাহত দলৰ নেতা কৰ্মী সকলে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગત વરસની સરખામણી મા આ વરસે વરસાદ ઓછો... હાલ નદીઓમા નીર પણ નથી
ગત વરસની સરખામણી મા આ વરસે વરસાદ ઓછો... હાલ નદીઓમા નીર પણ નથી
AZORTE Deepens Its Bengaluru Footprint with Phoenix Marketcity Launch
AZORTE Deepens Its Bengaluru Footprint with Phoenix Marketcity Launch
પવિત્ર યાત્રાધામ મોટા ગોપનાથ ખાતે 52 ગજની ધજા ચડાવવામાં આવી
પવિત્ર યાત્રાધામ મોટા ગોપનાથ ખાતે 52 ગજની ધજા ચડાવવામાં આવી
*ખેડબ્રહ્મા ખાતે જિલ્લા પુરવઠા અધિકારી દ્વારા પેટ્રોલીંગ દરમિયાન અનાજ ભરેલો બીલ વગરનો ઘઉંના જથ્થાનો જપ્ત કરવામાં આવેલ ટ્રક*
*ખેડબ્રહ્મા ખાતે જિલ્લા પુરવઠા અધિકારી દ્વારા પેટ્રોલીંગ દરમિયાન અનાજ ભરેલો બીલ વગરનો ઘઉંના...