বৰহাটৰ ১নং চৰাইপুং হৈ অসম-অৰুণাচল সংযোগী পথটো গড়কাপ্টনী বিভাগৰ চূড়ান্ত গাফিলতিত বিধ্বস্ত
গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ নামত চৰকাৰে যিমানেই ঢাক ধোল নবজাক কিয় কিন্তু বাস্তৱ ক্ষেত্ৰত সম্পূৰ্ণ এখন ওলটা চবি প্ৰতিফলিত হোৱা পৰিলক্ষিত হয়। চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ সাপেখাতি উন্নউন খণ্ডৰ সোণালী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঐতিহাসিক লাহদৈগড় পথৰ তিনি আলিৰ পৰা ১নংচৰাইপুং হৈ অৰুণাচল সংযোগী প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো গড়কাপ্টনী বিভাগৰ চূড়ান্ত গাফিলতিত দিনক দিনে শোচনীয় দিশলৈ পতিত হোৱা পৰিলক্ষিত হৈছে। এই পথটি বৰ্তমান এটা গো বাটলৈ পৰিণত হৈছে। সৃষ্টি হৈছে পুখুৰী সদৃশ "দ' গাঁতৰ,, যাৰ বাবে এতিয়া পথ চাৰিয়ে ভুগিব লগা হৈছে যমৰ যাতনা। এক প্ৰকাৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ৰোগীয়ে ভোগ কৰিছে নৰকৰ যাতনা।
বহু বাৰ স্থানীয় ৰাইজে বিগত চৰকাৰৰ লগতে বৰ্তমান চৰকাৰৰ বিধায়কৰ লগতে সাংসদ তপন কুমাৰ গগৈক এই পথটি নিৰ্মাণৰ বাবে বহু বাৰ আবেদন কৰিছে যদিও আজি পৰ্যন্ত পথটো নিৰ্মাণ নকৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।আনহাতে অচিৰেই পথটো পকীকৰণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।